ৰঙিয়া আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক শহুৰ বোৱাৰী
কামৰূপ, ৩০ মাৰ্চ (হি.স.): আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজন ব্যক্তিৰ লগতে তেখেতৰ বোৱাৰীক আটক কৰে
আটক


কামৰূপ, ৩০ মাৰ্চ (হি.স.): আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজন ব্যক্তিৰ লগতে তেখেতৰ বোৱাৰীক আটক কৰে ৰঙিয়া আৰক্ষীয়ে । আটক কৰা লোকজন ৰঙিয়াৰ মহকুমাৰ কমাৰগাঁৱৰ তিতকুৰিৰ গনেশ দাস আৰু মহিলা গৰাকীৰ নাম হল কুঞ্জলতা দাস ।

দীৰ্ঘদিন ধৰি তিতকুৰিৰ নিজ বাসগৃহত অবৈধভাবে গাঞ্জাৰ ব্যৱসায় কৰি আহিছিল ৷ লোকজনৰ ঘৰৰ পৰা পৰা ৮ কেজি গাঞ্জা জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে ধৃত লোকজন আৰু মহিলাগৰাকীক জেৰা আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande