ৰাম নৱমী উপলক্ষে অনুৰাগীক চমক দীপিকা চিখলীয়াৰ, ভিডিঅ' ভাইৰেল
ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ ধাৰাবাহিকখনে জনপ্ৰিয়তাৰ বহু অভিলেখ ভংগ কৰিছিল। প্ৰায় সকলোৱে চাগে এই ধাৰাব
Deepika Chikhaliya_1


ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ ধাৰাবাহিকখনে জনপ্ৰিয়তাৰ বহু অভিলেখ ভংগ কৰিছিল। প্ৰায় সকলোৱে চাগে এই ধাৰাবাহিকখন চাইছে। এই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা এনেকুৱা যে আজিও ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰ দৰ্শকৰ ঘনিষ্ঠ। ধাৰাবাহিকখনত ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাসকলক দৰ্শকে প্ৰকৃত ৰাম আৰু সীতাৰ মৰ্যাদা প্ৰদান কৰিছিল। দুয়োজনে নিজৰ ভূমিকা ইমান ভালকৈ পালন কৰিছিল যে আজিও মানুহে ৰাম আৰু সীতা বুলি কয়। আজি ৰাম নৱমী উপলক্ষে সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখালিয়াই অনুৰাগীক এক চমক দিছে।

ছচিয়েল মিডিয়াত অতি সক্ৰিয় হৈয়ে আছে দীপিকা। অহৰহ অনুৰাগীৰ সৈতে মুখামুখি হোৱা দেখা যায়। শেহতীয়াকৈ দীপিকাই ভিডিঅ’টো শ্বেয়াৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এই ভিডিঅ'টোত তেওঁক সীতাৰ চৰিত্ৰত দেখা গৈছে। কেশৰ ৰঙৰ শাৰী পিন্ধি ভগৱান ৰামক পূজা কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভয়ংকৰ ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দীপিকাই কয় যে এই শাৰীখন মই লৱ আৰু কুছৰ সৈতে শ্বুটিং কৰি থকা দৃশ্যটোৰ। এই পৰ্যন্ত যাত্ৰাৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছে দীপিকাই। তেওঁ এটা ভিডিঅ’ত কিছুমান দৃশ্য পুনৰ সৃষ্টি কৰিছিল।

হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ


 rajesh pande