দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঠাকুৰপাৰাত নিশা চুৰি কাণ্ড
কামৰূপ, ০৪ ডিছেম্বৰ (হি স)। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঠাকুৰপাৰাত যোৱানিশা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়।
চোৰ


কামৰূপ, ০৪ ডিছেম্বৰ (হি স)। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঠাকুৰপাৰাত যোৱানিশা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। ঠাকুৰপাৰাৰ লক্ষ্যধৰ কলিতাৰ ঘৰত সংঘটিত হৈছে এই চুৰি কাণ্ডৰ ঘটনা।

জানিব পৰামতে নিশা পৰিয়ালটোৱে অতি আনন্দ মনেৰে ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎস চাবলৈ আহিছিল । ৰাস চাই ঘৰলৈ উভতি আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘৰটোৰ বাকচ-কাপোৰ-আলমাৰী আদি লণ্ড-ভণ্ড হৈ আছে । পৰিয়ালটোৱে জানিবলৈ দিয়া মতে চোৰে-পাঁচটা সোণৰ আঙঠি, নগদ পঞ্চাশ হাজাৰ টকা, নেকলেচ এদালকে ধৰি প্ৰায় ৭ লাখ মান টকাৰ সা-সম্পত্তি লৈ যায় ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande