নগাঁৱৰ ৰূপহীহাটত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নগাঁও, ০৪ ডিছেম্বৰ (হি.স.): নগাঁৱৰ ৰূপহীহাটত কালি নিশা জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। আৰক্ষীৰ
জুৱা


নগাঁও, ০৪ ডিছেম্বৰ (হি.স.): নগাঁৱৰ ৰূপহীহাটত কালি নিশা জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলে। আৰক্ষীৰ অভিযানত কৰায়ত্ব হয় ৬ জন কৈ কুখ্যাত জুৱাৰী ৷ ৰূপহীহাটৰ তেৰʼমাইলৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰে এই জুৱাৰী কেইটাক ৷

দীৰ্ঘদিনৰ পৰাই তেৰʼমাইলত ধৃত জুৱাৰী কেইটাই চলাই আছিল অবৈধ জুৱা খেল। গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে এই জুৱাৰ ঘাটি। আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰা ৬ জন কৈ কুখ্যাত জুৱাৰীৰ লগতে জুৱা খেলত ব্যৱহৃত সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande