ৰাহুল গান্ধীৰ পুলৱামা শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পুলৱামা, ২৮ জানুৱাৰী(হি স)। কংগ্ৰেছ নেতা আৰু সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা কাশ্মীৰ উপত্যক
পুলৱামা শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি


পুলৱামা, ২৮ জানুৱাৰী(হি স)। কংগ্ৰেছ নেতা আৰু সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা কাশ্মীৰ উপত্যকাত ইয়াৰ অন্তিম পৰ্যায়ত উপনীচ হৈছে। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে শনিবাৰে ২০১৯ চনত পুলৱামাৰ লেথপোৰাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত চিআৰপিএফ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গান্ধীয়ে অৱন্তীপোৰাৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা লিথপোৰাত কিছু সমযৰ বাবে স্থগিত ৰাখে আৰু সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জনতকৈও অধিক চিআৰপিএফ জোৱান নিহত হোৱা স্থানত ফুলৰ থোপা অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰে, এজন বিষয়াই কয়।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে শুকুৰবাৰে কাজিগুণ্ড অঞ্চলত নিৰাপত্তাৰ ত্ৰুটিৰ কথা উল্লেখ কৰি দিনজোৰা যাত্ৰা স্থগিত ৰাখিছিল, যিটো শনিবাৰে ৰাতিপুৱা পুনৰ আৰম্ভ কৰা হৈছিল। এই যাত্ৰা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ’ব।

হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ


 rajesh pande