অৱন্তীপোৰাত ৰাহুলৰ ভাৰত জোড়ো যাত্ৰাত মেহবুবা মুফটিৰ অংশগ্ৰহণ
পুলবামা, ২৮ জানুৱাৰী (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা আৰম্ভ
ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা


পুলবামা, ২৮ জানুৱাৰী (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰৰ কাঠুৱা, সাম্বাৰ মাজেৰে পাৰ হৈ আজি শনিবাৰে পুৱা পুলবামা জিলাৰ অৱন্তীপোৰাৰ পৰা আৰম্ভ হয়। শনিবাৰে ভাৰত জোড়ো যাত্ৰাত পিডিপিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ সৈতে বহু সংখ্যক মহিলাও যোগদান কৰিছে।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা বিৰলা ইণ্টাৰনেচনেল স্কুল পাম্পোৰৰ ওচৰত পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত নিশা শ্ৰীনগৰৰ উপকণ্ঠৰ পান্থা চকৰ ট্ৰাক য়াৰ্ডত ৰ'ব। ২৯ জানুৱাৰীত, ভাৰত জোড়ো যাত্ৰা পান্থা চকৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু বুলেভাৰ্ড ৰোডৰ নেহৰু পাৰ্কলৈকে চলিব। ৰাহুল গান্ধীয়ে তাত এখন সংবাদমেল সম্বোধন কৰিব। ৰাহুল গান্ধীৰ যাত্ৰা ৩০ জানুৱাৰীত শ্ৰীনগৰত সমাপ্ত হ'ব। ভাৰত জোড়ো যাত্ৰাৰ শেষৰ ফালে দলটোৰ উৎসাহ ও উদ্দীপনা দুগুণ হৈ পৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ


 rajesh pande