বেডমিন্টনৰ খেলুৱৈ ৰূপত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ
শিৱসাগৰ, ২৮ জানুৱাৰী (হি.স.)। বিভিন্ন ৰাজহুৱা কৰ্মৰাজিৰ মাজতে এইবাৰ বেডমিন্টন খেলুৱৈৰ ৰূপত দেখা গ'ল
বেডমিন্টনৰ খেলুৱৈ ৰূপত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ


শিৱসাগৰ, ২৮ জানুৱাৰী (হি.স.)। বিভিন্ন ৰাজহুৱা কৰ্মৰাজিৰ মাজতে এইবাৰ বেডমিন্টন খেলুৱৈৰ ৰূপত দেখা গ'ল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক।

শিৱসাগৰ কালুগাঁও বেডমিন্টন এচʼছিয়েশ্যনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালুগাঁও আমতল চাৰিআলিত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা দিবা-নৈশ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত আৰু অ-প্ৰশিক্ষণ প্ৰাপ্ত (দ্বৈত) বেডমিন্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে বেডমিন্টন খেলত অংশ লয়।

সাংসদ আৰু শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ যুটীয়ে হৰিপ্ৰসন্ন হাজৰিকা আৰু হেমন্ত গগৈ যুটীক পৰাজিত কৰে।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/বিস্মিতা/মনোজ


 rajesh pande