ৰূপহীহাটৰ হাতীপাৰা নগৰানী আঞ্চলিক খেলপথাৰত কেৰাত মেহফিল আয়োজন
নগাঁও, ২৮ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত দক্ষিণ হাতীপাৰা পুৰণা জামে মছজিদৰ
ৰূপহীহাটৰ হাতীপাৰা নগৰানী আঞ্চলিক খেলপথাৰত কেৰাত মেহফিল আয়োজন


নগাঁও, ২৮ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত দক্ষিণ হাতীপাৰা পুৰণা জামে মছজিদৰ সৌজন্যত অহা ৩১ জানুৱাৰীত হাতীপাৰা নগৰানী আঞ্চলিক খেলপথাৰত দিনজোৰা ১ তম কেৰাত মেহফিল আয়োজন কৰা হৈছে। কেৰাত মেহফিল মুখ্যষ্কাৰী হিচাপে উপস্থিত থাকিব ড° আব্দুল নাছিক হাৰক চাহাব, ইজিপ্ত বিশিষ্টকাৰী ভাৰতবৰ্ষ আহমদ হুছেইন আল ফালাহী চাহাব, মুখ্যবক্তা জনাব হজৰত মৌলনা আব্দুল বাৰি আল ক্কাছিমী চাহাব, বিশিষ্ট বক্তা হাফিজ ও ক্কাৰী মৌ: ওবায়েজ কুৰনী,আমন্ত্ৰিত ক্কাৰী মাছউদুল হক চাহাব।

গতিকে উক্ত কেৰাত মেহফিল দলে দলে যোগদান কৰিব অনুৰোধ জনাইছে দক্ষিণ হাতীপাৰা পুৰণা জামে মছজিদৰ কমিটীয়ে ।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/মনোজ


 rajesh pande