জেৰুজালেমৰ উপাসনা স্থলীত সন্ত্ৰাসবাদী আক্ৰমণ, আঠজন নিহত
জেৰুজালেম, ২৮ জানুৱাৰী (হি.স.)। ইজৰাইলত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন আৰু ইজৰাইলৰ সেনাৰ মাজত সংঘাত
Jerusalem


জেৰুজালেম, ২৮ জানুৱাৰী (হি.স.)। ইজৰাইলত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন আৰু ইজৰাইলৰ সেনাৰ মাজত সংঘাত বাঢ়িব ধৰিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইল সেনাই গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ কৰে, তাৰ পিছত সন্ত্ৰাসবাদীয়ে পুনৰ প্ৰত্য়াক্ৰমণ চলায়। এতিয়া জেৰুজালেমৰ এটা উপাসনা স্থানত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি আঠজন লোকক হত্যা কৰে। এই আক্ৰমণত কেইবা ডজন লোক আহত হৈছে।

তথ্য অনুসৰি গাজা ষ্ট্ৰিপত কাম কৰি থকা পেলেষ্টাইন ইছলামিক জেহাদ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলক ৰকেট নিক্ষেপ কৰি আক্ৰমণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ ঘটাই দহজন লোক নিহত হোৱাৰ লগতে দুডজনৰো অধিক লোক আহত হয়। এই আক্ৰমণত পেলেষ্টাইন ইছলামিক জেহাদ অৰ্গেনাইজেশ্যনৰ সদস্যও নিহত হয়। আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে ইজৰাইলৰ ৰাজধানী জেৰুজালেমৰ উপকণ্ঠ অঞ্চলৰ নেভে ইয়াকভ ষ্ট্ৰীটৰ এটা উপাসনা ঘৰত তীব্ৰ আক্ৰমণ কৰা হয়।

এই আক্ৰমণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি আৰক্ষীয়ে কয় যে এজন সন্ত্ৰাসবাদীয়ে এখন গাড়ীত উঠি পূজাস্থলীত উপস্থিত হৈ গুলীচালনা কৰে। হঠাৎ হোৱা আক্ৰমণে তাত আতংকৰ সৃষ্টি কৰে। চিঞৰ-বাখৰেৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পিছত আৰক্ষীয়ে আক্ৰমণকাৰীক ঘেৰি ধৰি গুলীচালনা কৰে।

তাত উপস্থিত হোৱা চিকিৎসা সাহায্য সেৱাৰ দলটোৰ লগত জড়িত চিকিৎসকে থিতাতে পাঁচজন লোকক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়লৈ যোৱাৰ পথত আন দুজনৰ মৃত্যু হয়। আহত হৈছে এক ডজন লোক। ইয়াৰে এগৰাকী ৭০ বছৰীয়া মহিলা আৰু এগৰাকী ২০ বছৰীয়া যুৱকৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণত ব্যৱহৃত পিষ্টল উদ্ধাৰ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/অৰৱিন্দ/মনোজ


 rajesh pande