মিজোৰামত ম্যানমাৰৰ নাগৰিকৰ পৰা ১ কোটি ৩৯ লাখ টকাৰ হেৰ'ইন জব্দ
আইজল, ২৮ জানুৱাৰী(হি.স.)। চুবুৰীয়া ৰাজ্য মিজোৰাম সম্প্ৰতি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণ
মিজোৰামত ম্যানমাৰৰ নাগৰিকৰ পৰা ১ কোটি ৩৯ লাখ টকাৰ হেৰ'ইন জব্দ


আইজল, ২৮ জানুৱাৰী(হি.স.)। চুবুৰীয়া ৰাজ্য মিজোৰাম সম্প্ৰতি নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে ৷ বিদেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা প্ৰায় প্ৰতিদিনেই মিজোৰামৰ মাজেৰে সৰবৰাহ কৰা হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ইয়াৰ সমান্তৰালকৈ মিজো আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে কোটি কোটি টকাৰ ড্ৰাগছ ৷

এইবাৰ মিজো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ম্য়ানমাৰৰ নাগৰিকৰ পৰা পুনৰ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে৷ মিজোৰাম-ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ চালবৱিয়াত অভিযান চলাই খানকাউন আৰক্ষীয়ে ২৭৯ গ্ৰাম হেৰ'ইন জব্দ কৰে ৷

এজন ম্যানমাৰৰ নাগৰিকৰ পৰা উদ্ধাৰ কৰা ২২ টা চাবোনৰ বাকচৰ পৰা জব্দ কৰা হেৰ'ইন খিনিৰ মূল্য ১ কোটি ৩৯ লাখ টকা হ’ব বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ হেৰ’ইন সৰবৰাহৰ অভিযোগত ম্যানমাৰৰ লালথাউমলুয়াইয়া (৩৩) নামৰ লোক জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande