শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত বনৰক্ষী নিহত
শোণিতপুৰ, ২৮ জানুৱাৰী:(হি:স:)। শোণিতপুৰত বন্য হস্তীৰ আক্ৰমনত প্ৰদীপ বৰা নামৰ ৫৯ বছৰীয়া এগৰাকী বনকৰ্
Death FG


Elephant


Sonai rupai


শোণিতপুৰ, ২৮ জানুৱাৰী:(হি:স:)। শোণিতপুৰত বন্য হস্তীৰ আক্ৰমনত প্ৰদীপ বৰা নামৰ ৫৯ বছৰীয়া এগৰাকী বনকৰ্মী নিহত হৈছে ৷ বন বিভাগৰ গ্ৰেড-২ কৰ্মচাৰী জনে আজি সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত টহল দিবলৈ যোৱাৰ সময়তে এই শোকাবহ ঘটনাটো সংঘটিত হয় ৷

বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি পুৱা প্ৰায় ১১ বজাত আন দুজন বন কৰ্মীৰ স’তে বনাঞ্চলত টহল দিবলৈ যোৱাৰ সময়ত বনৰীয়া হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমনত ৫৯ বছৰীয়া বন বিভাগৰ সুদক্ষ কৰ্মচাৰী জনৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোকে মিছামাৰী আৰক্ষীৰ সহযোগত বন কৰ্মী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে। নিহত বন কৰ্মী গৰাকীৰ ঘৰ কাৰ্বি আলং জিলাৰ বকলীয়াত বুলি জানিব পৰা গৈছে।

হিন্দুস্তান সমাচাৰ /সমীৰ/মনোজ


 rajesh pande