হাউলীৰ জালাল উদ্দিন মেমোৰিয়েল এমই আৰু হাইস্কুলৰ ২৭ তম বাৰ্ষিক ছাত্ৰ সন্মিলন আৰু বঁটা বিতৰণী সভা সম্পন্ন
বৰপেটা, ২৮ জানুৱাৰী (হি.স.)। বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত হাউলী নগৰৰ জালাল উদ্দিন মেমোৰিয়েল এমই
হাউলীৰ জালাল উদ্দিন মেমোৰিয়েল এমই আৰু হাইস্কুলৰ ২৭ তম বাৰ্ষিক ছাত্ৰ সন্মিলন আৰু বঁটা বিতৰণী সভা সম্পন্ন


বৰপেটা, ২৮ জানুৱাৰী (হি.স.)। বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত হাউলী নগৰৰ জালাল উদ্দিন মেমোৰিয়েল এমই আৰু হাইস্কুলৰ ২৭ সংখ্যক ছাত্ৰ সন্মিলন আৰু বঁটা বিতৰণী সভা ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় ।

কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীত আকস্মিক বক্তৃতা, কুইজ, তৰ্ক, গীত, নৃত্য, কৌতূক অভিনয়, জিকিৰ আৰু জাৰী,নাটক আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় । ২৮ জানুৱাৰী আবেলি ২ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৌশ্বাৎ ভূঞাৰ পৌৰোহিত্যত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । সভা খনত উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰধান শিক্ষক ছোৰহাব আলীয়ে । উক্ত সভাত বিশিষ্ট অতিথি হিচাপে হাউলী পৌৰ সভাৰ সভানেত্ৰী অঞ্জলী দাস চৌধুৰী, আমবাৰী সমল কেন্দ্ৰৰ চি,আৰ,চি,চি নিজৰা নাথ আদিয়ে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় ।

উক্ত সভাত হাউলী পৌৰ সভাৰ ৱাৰ্ড আয়ুক্তদ্বয় খাইৰুল আলম, শ্বৰিফুল ইছলাম, অৱসৰ প্ৰাপ্ত শিক্ষক ওচমান গণি, বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক ইন্তাজ আলী, অৱসৰ প্ৰাপ্ত শিক্ষক শ্বাহ আলম, বেতবাৰী সমল কেন্দ্ৰৰ চিআৰচিচি শিল্পীশিখা দত্ত, হালাপাকুৰী সমল কেন্দ্ৰৰ সমন্বয়ক মকিবুল ইছলাম সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌন্দৰ্য বৃদ্ধি কৰে ।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/মনোজ


 rajesh pande