এখন বাইকত একেলগে অনুপম খেৰ আৰু নীনা গুপ্তাৰ চুপাৰ ৰাইডৰ আনন্দ উপভোগ
নীনা গুপ্তা আৰু অনুপম খেৰৰ বন্ধুত্ব শিৱ শাস্ত্ৰী বলবোয়া চলচ্চিত্ৰৰ ঘোষণাৰ পিছৰে পৰা চৰ্চাত আছে। চলচ
অনুপম খেৰ আৰু নীনা গুপ্তা


নীনা গুপ্তা আৰু অনুপম খেৰৰ বন্ধুত্ব শিৱ শাস্ত্ৰী বলবোয়া চলচ্চিত্ৰৰ ঘোষণাৰ পিছৰে পৰা চৰ্চাত আছে। চলচ্চিত্ৰখনে গতানুগতিকতাৰ বাহিৰৰ দুঃসাহসিক অভিজ্ঞতাৰ বাবে শিৰোনামা দখল কৰিছে আৰু এতিয়া চুপাৰবাইকৰ পোষ্টাৰখন যথেষ্ট ৰোমাঞ্চকৰ দেখা গৈছে। য'ত দুয়োৰে মাজৰ বন্ধন আশ্চৰ্যজনক দেখায়।

অনুপম খেৰৰ বক্সিঙৰ প্ৰতি আগ্ৰহ ইতিমধ্যে আগৰ পোষ্টাৰত দেখা গৈছে আৰু এতিয়া নীনা গুপ্তাৰ সৈতে তেওঁৰ বাইক চলোৱা যাত্ৰাৰ শিহৰণ কেৱল দৃশ্যমান হৈ আহিছে। এনেকুৱা লাগিছে যে বয়সৰ এই পৰ্যায়তো, এই দুয়োজন ইমান নিৰ্ভীক আৰু সাহসী। শেহতীয়াকৈ ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছিল। এইখন প্ৰথম চলচ্চিত্ৰ পোষ্টাৰ য'ত নীনা গুপ্তা আৰু অনুপম খেৰক একেলগে দেখা গৈছে।

অনুপম খেৰ, নীনা গুপ্তা, যুগল হংসৰাজ, নাৰ্গিছ ফখৰী, শৰিব হাছমী, অভিনীত শিৱ শাস্ত্ৰী বলবোয়া হৈছে এজন সাধাৰণ মানুহৰ জীৱনৰ বিষয়ে এখন মচলাধৰ্মী ছবি। ইউএফআই মোচন পিকচাৰ্ছ প্ৰাইভেট লিমিটেড - কিশোৰ ৱাৰিথ, অনুপম খেৰ ষ্টুডিঅ' আৰু তৰুণ ৰাঠী, প্ৰযোজকঃ কিশোৰ ৱাৰিথ, কাৰ্যবাহী প্ৰযোজকঃ আশুতোষ বাজপেয়ী, চলচ্চিত্ৰ খন অজয়ন বেণুগোপালন ৰচনা আৰু পৰিচালনা কৰিছে। শিৱ শাস্ত্ৰী বলবোয়া ১০ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব।

হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ/অৰবিন্দ


 rajesh pande