শোণিতপুৰ, ২৮ জানুৱাৰী:(হি:স:)। বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধীতাৰে আদিবাসী ছাত্ৰ সন্থা (আছা)ই আহ্বান জনোঁৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণাৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে ৷ জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ পুৱাৰে পৰা দেখিবলৈ পোৱা যায় ।
বন্ধৰ সময়চোৱাত সকলো দোকানপোহাৰ এই সমূহ অঞ্চলত বন্ধ থকাৰ উপৰি যানবাহনৰ চলাচলো তেনেই সেৰেঙা আছিল ৷ ঢেকিয়াজুলিত দিনৰ দুই বজাত আছাৰ একাংশ সদস্যই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পুত্তলিকাও দাহ কৰে ৷ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই দৰে আছা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে বন্ধৰ সময়ছোৱাত আছাৰ প্ৰতিনিধি সকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে বালিপৰাৰ ৰাজপথ উত্তাল কৰি তোলে। আনহাতে ৰঙাপৰাত আছাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্য়স্ত কৰে।অৱশ্যে আজি পুৱা পাঁচ বজাৰ পৰা বিয়লি পাঁচবজালৈকে আহ্বান জনোৱা এই বন্ধৰ প্ৰভাৱ তেজপুৰত অৱশ্যে পৰা নাছিল ৷
হিন্দুস্থান সমাচাৰ /সমীৰ/মনোজ