আমেৰিকাৰ হাতত ধৰাশায়ী আইছিছৰ নেতা বিলাল আল চুডানী
ৱাশ্বিংটন, ২৭ জানুৱাৰী (হি.স.)। উত্তৰ ছোমালিয়াত সামৰিক অভিযানৰ সময়ত আমেৰিকাৰ সেনাই কুখ্যাত ইছলামিক
US military


ৱাশ্বিংটন, ২৭ জানুৱাৰী (হি.স.)। উত্তৰ ছোমালিয়াত সামৰিক অভিযানৰ সময়ত আমেৰিকাৰ সেনাই কুখ্যাত ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ নেতা বিলাল আল চুডানীক হত্যা কৰে।এই অভিযানত আন ১০ জন আইছিছ যোদ্ধাও নিহত হয়।আমেৰিকাৰ বিষয়াসকলে বৃহস্পতিবাৰে এই তথ্য প্ৰদান কৰে।

বিষয়াসকলে সাংবাদিকৰ আগত কয় যে আমেৰিকাই আল চুডানীক বিচাৰি আছিল। ৱাণ্টেড বিলাল আল চুডানীয়ে সমগ্ৰ আফ্ৰিকাতে আইছিছৰ জাল বিয়পাইছিল। বিষয়াসকলে জনোৱা মতে, এই সপ্তাহত এই সামৰিক অভিযানৰ বাবে ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা অনুমতি লাভ কৰিছে। ইয়াৰ পিছত ২৪ ঘণ্টাৰ ভিতৰতে কাম কৰা হ’ল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ


 rajesh pande