খাৰুৱা তেলৰ প্ৰতি বেৰেলত ৮৮ ডলাৰ, পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সুস্থিৰ
নতুন দিল্লী, ২৭ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। যোৱা
petrol11


নতুন দিল্লী, ২৭ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। যোৱা ২৪ ঘণ্টাত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৮ ডলাৰলৈ বৃদ্ধি পাইছে আৰু ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮২ ডলাৰৰ ওচৰ চাপিছে। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে ঘৰুৱা বজাৰত পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন কৰা নাই।

ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি শুকুৰবাৰে ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা, ডিজেলৰ ৮৯.৬২ টকা, মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৬.৩১ টকা, ডিজেলৰ মূল্য় ৯৪.২৭ টকা, কলকাতাত পেট্ৰ’লৰ মূল্য ১০৬.০৩ টকা আৰু ডিজেলৰ মূল্য ৯২.৭৬ টকা, চেন্নাইত পেট্ৰ’লৰ মূল্য ১০২.৬৩ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.২৪ টকা।

আন্তঃৰাষ্ট্ৰীয় বজাৰত সপ্তাহৰ পঞ্চম দিনা ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৭.৮০ ডলাৰৰ ওচৰ চাপিছে আৰু আৰম্ভণিৰ ব্যৱসায়ত ০.৩৩ ডলাৰ বা ০.৩৮ শতাংশ বৃদ্ধি পাইছে। একে সময়তে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্যও ০.৩১ ডলাৰ বা ০.৩৮ শতাংশ বৃদ্ধিৰে প্ৰতি বেৰেলত ৮১.৩২ ডলাৰৰ ওচৰত ব্যৱসায় কৰি আছে।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/অৰৱিন্দ/মনোজ


 rajesh pande