অনুৰাগ কাশ্যপ হৈ পৰিল এছ এছ ৰাজামৌলিৰ অনুৰাগী
অনুৰাগ কাশ্যপে এছ এছ ৰাজামৌলী আৰু আৰআৰআৰৰ গীত নাটু-নাটুৰ প্ৰশংসা কৰিছিল। অনুৰাগৰ মতে, ২০২৩ চনৰ অস্কা
Anurag Kashyap-Rajamouli


অনুৰাগ কাশ্যপে এছ এছ ৰাজামৌলী আৰু আৰআৰআৰৰ গীত নাটু-নাটুৰ প্ৰশংসা কৰিছিল। অনুৰাগৰ মতে, ২০২৩ চনৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে নাটু-নাটুৰ দৰে গীত। অনুৰাগে আৰু কয় যে, “হলিউডৰ সকলোৱে এতিয়া ৰাজামৌলীৰ ওচৰলৈ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে।“ ছবি নিৰ্মাতাগৰাকীয়ে কয় যে ৰাজামৌলি ডিচি বা মাৰ্ভেল ছবিৰ বাবে নিখুঁত পৰিচালক।

অনুৰাগে কয় যে ভাৰতীয় চিনেমা আৰু হলিউডৰ মাজত সহযোগিতা সম্পৰ্কে আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। এছ এছ ৰাজামৌলি হৈছে এজন চলচ্চিত্ৰ নিৰ্মাতা যিয়ে পৰিৱৰ্তন আনিব পাৰে। অৱশ্যে অনুৰাগে আশংকা কৰে যে হলিউডে আমাৰ পৰা ৰজামৌলিক চুৰি কৰি লৈ যাব।

নাতু-নাটুৰ প্ৰশংসা –

ৰাজামৌলিৰ নিষ্ঠা আৰু দূৰদৰ্শিতাৰ শলাগ লৈ অনুৰাগে গীতটিৰ প্ৰশংসা কৰে। তেওঁ কয়, নাতু নাটুৰ দৰে গীতৰ ক্ৰম সম্পূৰ্ণ কৰাটো অতি কঠিন। ইউক্ৰেইনত একেৰাহে ১২ দিন শ্বুটিং কৰিছিল। গীত এটাৰ ছিকুৱেন্স এটা শ্বুটিং কৰিবলৈ ইমান দিন লাগিব বুলি ভাবি মই ঠিক তাতেই হাৰ মানিলোঁহেঁতেন, কিন্তু ইয়াত এজন পৰিচালক আছে যিয়ে এটা গীতক ভাল কৰিবলৈ ভাল সময় লয়।

নাটু-নাটু গীত আৰু আৰ আৰ আৰ য়ে বহু আন্তৰ্জাতিক বঁটা লাভ –

৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনীত হৈছে নাতু নাটু। এম এম কীৰাৱনীৰ ৰচনা আৰু কলা ভৈৰৱ & ৰাহুল ছিপ্লিগঞ্জৰ কণ্ঠত তেলেগু গীত। শেহতীয়াকৈ ই ২০২৩ চনৰ গোল্ডেন গ্ল’বছত শ্ৰেষ্ঠ গীতৰ বঁটা আৰু সমালোচক চয়ছ বঁটাৰ ২৮ সংখ্যক সংস্কৰণত লাভ কৰে। আৰ আৰ আৰ এ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ সমালোচক চয়ছ বঁটাও লাভ কৰে।

হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ


 rajesh pande