গুৱাহাটী, ০৯ আগষ্ট(হি.স.)। বাৰ্মিংহামত সদ্য সমাপ্ত কমনৱেলথ গেমছত দেশৰ বাবে পদক বুটলি আনিবলৈ সক্ষম হোৱা বিন্দিয়াৰাণী দেৱী চোৰোখেইবামক আজি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তৰফৰ পৰা গুৱাহাটীত উষ্ম আদৰণি জনোৱা হয়। উত্তৰ পূৱৰ জীয়ৰি গৰাকীক আজি গুৱাহাটীৰ মালিগাওঁ স্থিত এন এফ ৰেলৱেৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনায়।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাকে ধৰি এন এফ ৰেলৱেৰ শীৰ্ষ বিষয়াসকলে উষ্ম সম্বৰ্ধনা জনায় দেশৰ আগশাৰীৰ মহিলা ভাৰোত্তলক গৰাকীক। বিন্দিয়াৰাণীয়ে কমনৱেলথ গেমছ ২০২২ত ৫৫ কিলোগ্ৰাম ভাৰোত্তলনত দেশৰ বাবে ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে বিন্দিয়াৰাণী দেৱী উত্তৰ পূৱ সীমান্ত ৰেলৱে পৰিয়ালৰে এগৰাকী গৌৰৱান্বিত সদস্য।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ