মোৰ ফোকাচ পৰৱৰ্তী এদিনীয়া বিশ্বকাপত: শিখৰ ধাৱান
নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ অ’পেনাৰ শিখৰ ধাৱনে পৰৱৰ্তী এদিনীয়া বিশ্বক
shikhar_1


নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ অ’পেনাৰ শিখৰ ধাৱনে পৰৱৰ্তী এদিনীয়া বিশ্বকাপত মনোনিৱেশ কৰা বুলি প্ৰকাশ কৰিছে। গতিকে তেওঁ যিমান পাৰে সিমান মেচ খেলিব বিচাৰে।

এখন কাকতক দিয়া এক সাক্ষাৎকাৰত ধৱনে আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপত মনোনিৱেশ কৰাৰ পৰিকল্পনাৰ বিষয়ে কয়। তেওঁ কয় যে মই আইচিচি টুৰ্ণামেণ্টত খেলি ভাল পাওঁ, য’ত মই খেলিলে সদায় এক বেলেগ অনুভৱ আৰু সন্তুষ্টিৰ সৃষ্টি হয়।

ধৱনে কয় যে যেতিয়াই মই ইণ্ডিয়াৰ জাৰ্চি পিন্ধো তেতিয়াই এক চাপ সদায় থাকে কিন্তু সেই চাপ কেনেকৈ চম্ভালিব লাগে মই জানো। তেওঁ কয় যে মই যিখন টুৰ্ণামেণ্টত খেলিছো তাৰ বাবে মোৰ ফোকাচ, প্ৰক্ৰিয়া আৰু প্ৰস্তুতি একেই।

ওপেনাৰগৰাকীয়ে কয় যে অহা বছৰৰ ৫০ অভাৰৰ বিশ্বকাপত মোৰ গুৰুত্ব আছে আৰু তাৰ বাবে মই ভাৰতৰ হৈ যিমানখিনি মেচ খেলিব বিচাৰো আৰু সেইবোৰত ভাল প্ৰদৰ্শন কৰিব বিচাৰো। মাজতে আই পি এলো আছে, গতিকে তাত প্ৰদৰ্শন কৰি থাকিবলৈ চেষ্টা কৰিম আৰু ঘৰুৱা এদিনীয়া আৰু টি-২০ খেলি নিজকে ফিট আৰু ৰেডি কৰি ৰাখিবলৈ চেষ্টা কৰিম।

ধাৱানে ভাৰতীয় দলৰ অধিনায়কত্বৰ কথাও কয়। তেওঁ কয় যে ভাৰতৰ অধিনায়ক হোৱাটো সদায় এক সন্মানৰ কথা। অধিনায়কত্বৰ ক্ষেত্ৰত মোৰ দৃষ্টিভংগী হ’ল শান্ত আৰু আক্ৰমণাত্মক অৰ্থাৎ ভিতৰৰ পৰা আক্ৰমণাত্মক আৰু বাহিৰৰ পৰা শান্ত হোৱা।

ধৱনে কয় যে মই বিচাৰো যে মোৰ দলটোৱে খেলপথাৰত খেলখন উপভোগ কৰক। মই যুৱ খেলুৱৈক মেণ্টৰিং কৰি ভাল পাওঁ আৰু ই মোৰ মাজত থকা নেতৃত্বৰ গুণবোৰ উলিয়াই আনে।

উল্লেখযোগ্য যে অ’পেনাৰ শিখৰ ধাৱান বৰ্তমান জিম্বাবুৱে ভ্ৰমণ কৰা দলটোৰ অংশ। ভাৰতীয় দলটোৱে জিম্বাবুৱেত তিনিখন এদিনীয়া মেচৰ শৃংখলা খেলিব। এই শৃংখলাত উপ অধিনায়কৰ ভূমিকাত দেখা যাব ধাৱানক। ইয়াৰ পূৰ্বে তেওঁক এই ভ্ৰমণৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল যদিও শেষ মুহূৰ্তত অ’পেনাৰ কে এল ৰাহুলে ফিট হৈ ঘূৰি অহাৰ পিছত তেওঁক এই দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। অহা ১৮ আগষ্টৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠিত হ’ব এই শৃংখলা।

হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/ অৰৱিন্দ/মনোজ


 rajesh pande