পাকিস্তানৰ হিন্দু মন্দিৰৰ চুৰি কৰাৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ
ইছলামাবাদ, ১২ আগষ্ট (হি.স.)। পাকিস্তানী আৰক্ষীয়ে কৰাচীৰ এটা হিন্দু মন্দিৰৰ পৰা ভগৱান হনুমানৰ গদাসহ
পাকিস্তানৰ হিন্দু মন্দিৰ


ইছলামাবাদ, ১২ আগষ্ট (হি.স.)। পাকিস্তানী আৰক্ষীয়ে কৰাচীৰ এটা হিন্দু মন্দিৰৰ পৰা ভগৱান হনুমানৰ গদাসহ আঠটা মূৰ্তি আৰু মূল্যৱান সামগ্ৰী চুৰি কৰাৰ অভিযোগত বৃহস্পতিবাৰে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

এক প্ৰতিবেদন অনুসৰি, কৰাচীৰ লিয়াৰী অঞ্চলত অৱস্থিত মন্দিৰটোৰ পৰা চুৰি হোৱা সামগ্ৰীবোৰ পিছত ক্ৰেতাসকলক বিক্ৰী কৰা হৈছিল। সংবাদ পত্ৰ ডনে জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) আচিফ আহমেদ ভুগিঅ'ৰ উদ্ধৃতি দি কয় যে সন্দেহযুক্তসকল স্থানীয় অপৰাধী আছিল যিয়ে যোৱা মাহত মন্দিৰৰ পৰা মূৰ্তি, হনুমান গদাৰ দৰে মূল্যৱান সামগ্ৰী চুৰি কৰিছিল আৰু পিছত সেইবোৰ ক্ৰেতাসকলক বিক্ৰী কৰিছিল। প্ৰায় আঠটা মূৰ্তি, ভগৱান হনুমানৰ এটা গদা আৰু অন্যান্য উপাসনাৰ বস্তু চুৰি হৈছিল, তেওঁ কৈছিল। আৰক্ষীয়ে চুৰি হোৱা সামগ্ৰী ক্ৰয় কৰা চৈফুদ্দিন আৰু জাকাৰিয়া আনৱাৰ নামৰ দুজন ক্ৰেতাক গ্ৰেপ্তাৰ কৰিছিল আৰু সামগ্ৰীবোৰ তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ কৰিছিল।

উল্লেখ্য য়ে পাকিস্তানত মন্দিৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানসমূহক বিভিন্ন সময়ত আক্ৰমণ কৰা হৈছে। যোৱা বছৰৰ আগষ্টমাহত, মুছলমান উগ্ৰ জনতাৰ এটা দলে পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ এটা হিন্দু মন্দিৰত আক্ৰমণ কৰিছিল, ইয়াৰ কিছু অংশ জ্বলাই দিছিল আৰু মূৰ্তিবোৰো ক্ষতিগ্ৰস্ত কৰিছিল।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ/ অৰৱিন্দ


 rajesh pande