প্ৰাক্তন এলিট পেনেল আম্পায়াৰ ৰুডি কোয়েৰ্টজেনৰ মৃত্যুত আইচিচিৰ শোক প্ৰকাশ
ডুবাই, ১০ আগষ্ট (হি.স.)। আইচিচি এলিট পেনেলৰ প্ৰাক্তন আম্পায়াৰ ৰুডি কোয়েৰ্টজেনৰ মৃত্যু হৈছে। আন্তৰ্
প্ৰাক্তন এলিট পেনেল আম্পায়াৰ ৰুডি কোয়েৰ্টজেন


ডুবাই, ১০ আগষ্ট (হি.স.)। আইচিচি এলিট পেনেলৰ প্ৰাক্তন আম্পায়াৰ ৰুডি কোয়েৰ্টজেনৰ মৃত্যু হৈছে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ (আইচিচি)য়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

১৯৯২–২০১০ চনলৈ ৩৩১ খন আন্তঃৰাষ্ট্ৰীয় মেচত কাৰ্যনিৰ্বাহ কৰা ৭৩ বছৰীয়া কোয়েৰ্টজেনৰ মঙলবাৰে দক্ষিণ আফ্ৰিকাত এক বাহন দুৰ্ঘটনাত মৃত্যু হয়। আইচিচিৰ মুখ্য কাৰ্যবাহী জিওফ এলাৰ্ডিচে তেওঁক এজন উচ্চ পেছাদাৰী আম্পায়াৰ হিচাপে স্মৰণ কৰিছিল যাক সহকৰ্মী আৰু খেলুৱৈসকলে একেধৰণে সন্মান কৰিছিল।

আইচিচিৰ মুখ্য কাৰ্যবাহী জিওফ এলাৰ্ডিচে কয় ৰুডি তেওঁৰ প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ আম্পায়াৰ আছিল আৰু খেলুৱৈসকলে তেওঁৰ প্ৰতি অপৰিসীম সন্মান কৰিছিল। তেওঁ প্ৰায় দুটা দশক ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত কাৰ্যনিৰ্বাহ কৰিছিল। ৰুডি তেওঁৰ সমসাময়িক সকলৰ মাজত বহু জনপ্ৰিয় আছিল আৰু সদায় সহায় কৰিবলৈ সাজু আছিল। ক্ৰিকেটলৈ তেওঁৰ অৱদান আগলৈ বহু বছৰলৈ স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যুত আমি তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

কোয়েৰ্টজেনে ১০৮ খন টেষ্ট, ২০৯ খন এদিনীয়া আৰু ১৪ খন টি-২০ত কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ ২০০৩ আৰু ২০০৭ চনৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ টিভি আম্পায়াৰ আৰু ২০০৪ আৰু ২০০৬ চনত আইচিচি চেম্পিয়নছ ট্ৰফী টুৰ্ণামেণ্টৰ ফাইনেলৰ বাবে খেলপথাৰৰ আম্পায়াৰ আছিল। তেওঁ ব্ৰিজটাউনত অনুষ্ঠিত আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০১০ ৰ ফাইনেলৰ চতুৰ্থ আম্পায়াৰ আছিল। কোয়েৰ্টজেন ২০০ খন এদিনীয়াত কাৰ্যনিৰ্বাহ কৰা প্ৰথম আম্পায়াৰ আৰু টেষ্টত ষ্টিভ বাকনৰৰ পিছত ১০০ খন মেচত আম্পায়াৰিং কৰা দ্বিতীয়জন আম্পায়াৰ আছিল ।

হিন্দুস্থান সমাচাৰ/ সুনীল/ বিস্মিতা/মনোজ


 rajesh pande