মণিপুৰ ভূমিস্খলন স্থলীত তালাচী অভিযান অব্যাহত, মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি
ইম্ফল, ০২ জুলাই(হি.স.)। মণিপুৰৰ ননি জিলাৰ টুপুলত নতুন ৰে'ল নিৰ্মাণ স্থলীত ভূমিস্খলনৰ পিছত এতিয়াও ৩৫
মণিপুৰ ভূমিস্খলন


ইম্ফল, ০২ জুলাই(হি.স.)। মণিপুৰৰ ননি জিলাৰ টুপুলত নতুন ৰে'ল নিৰ্মাণ স্থলীত ভূমিস্খলনৰ পিছত এতিয়াও ৩৫ জন লোক সন্ধানহীন হৈ আছে। শনিবাৰে ধ্বংসাৱশেষৰ পৰা আৰু ছয়টা মৃতদেহ উদ্ধাৰ কৰা হয়, যাৰ ফলত চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি হয়।

সামৰিক বিষয়াসকলৰ মতে, শনিবাৰলৈকে উদ্ধাৰ হোৱা মুঠ ২৭ টা মৃতদেহৰ ভিতৰত ১৮ টা টেৰিটৰিয়েল আৰ্মীৰ জোৱান আৰু ৬ জন সাধাৰণ লোকৰ আছিল। দুপৰীয়া ১ বজালৈ আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে যিটো এতিয়াও চিনাক্ত কৰা হোৱা নাই।

বৃহস্পতিবাৰৰ আগলৈকে ধ্বংসাৱশেষৰ তলৰ পৰা ১৩ জন টেৰিটৰিয়েল আৰ্মী জোৱান আৰু পাঁচজন সাধাৰণ লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়, আনহাতে এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আৰক্ষী জোৱানৰ দ্বাৰা আৰু ৩৫ জন লোকৰ সন্ধান শনিবাৰে তৃতীয় দিনাও অব্যাহত থাকে। দলবোৰে অনুসন্ধান অভিযানৰ বাবে দুটা পৃথক স্থান চিনাক্ত কৰিছে, কিয়নো বেছিভাগ মৃতদেহ এই ঠাইবোৰৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰচাৰ ত্বৰান্বিত কৰিবলৈ 'থ্ৰু-ৱাল ইমেজিং ৰাডাৰ'ৰ সৈতে গধুৰ যন্ত্ৰপাতি মোতায়েন কৰা হৈছে।

ইম্ফলত জিঅ'চি ৰেড শ্বিল্ড ডিভিজন আৰু আইজি আইজিএআৰ (দক্ষিণ)ৰ সামৰিক সন্মানৰ পিছত আইএএফৰ দুখন বিমান আৰু এখন ভাৰতীয় সেনাৰ হেলিকপ্টাৰে এজন জেচিঅ' আৰু আন ১২ জন টেৰিটৰিয়েল আৰ্মী জোৱানকে ধৰি ১৪ জন সেনা জোৱানৰ নশ্বৰ দেহ তেওঁলোকৰ নিজ নিজ জন্মস্থানলৈ প্ৰেৰণ কৰে। আনহাতে এটা মৃতদেহ পথৰ দ্বাৰা মণিপুৰৰ কাংপোকপি জিলালৈ প্ৰেৰণ কৰা হৈছিল। শনিবাৰে ৰাতিপুৱা দাৰ্জিলিং আৰু সেনাৰ ছিকিমৰ ১১ জন গোৰ্খা সৈনিকৰ নশ্বৰ দেহ বাগডোগ্ৰা বিমানবন্দৰলৈ প্ৰেৰণ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ/অৰবিন্দ/মনোজ


 rajesh pande