লিবিয়াৰ সংসদ ভৱনত প্ৰতিবাদকাৰীৰ আক্ৰমণ
ত্ৰিপুলি, ০২ জুলাই (হি.স.)। লিবিয়াত বিদ্যুৎ কৰ্তন, মূল্য বৃদ্ধি পোৱা আৰু ৰাজনৈতিক অচলাৱস্থাই ক্ষুব্
Libya


ত্ৰিপুলি, ০২ জুলাই (হি.স.)। লিবিয়াত বিদ্যুৎ কৰ্তন, মূল্য বৃদ্ধি পোৱা আৰু ৰাজনৈতিক অচলাৱস্থাই ক্ষুব্ধ লোকসকলৰ ধৈৰ্য্যচ্য়ুতি ঘটাইছে। প্ৰতিবাদত ক্ষুব্ধ ৰাইজে দেশৰ পূব প্ৰান্তৰ টব্ৰুক চহৰৰ সংসদ ভৱনত আক্ৰমণ চলায়। এই সময়ত সংসদ ভৱনৰ কিছু অংশত অগ্নিসংযোগ কৰে।

অনলাইনযোগে প্ৰকাশ কৰা ফটোত সংসদ ভৱনৰ সমীপত ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে। দেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদকাৰী সকলে। জনসাধাৰণৰ দাবীক সমৰ্থন কৰিছে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী আব্দুল হামীদ দাবিবাই। তেওঁ কৈছে যে নিৰ্বাচন অনিবাৰ্য।

আনকি এদশক পূর্বেও শতাধিক লোকে সংসদত আক্রমণ কৰিছিল৷ তদানীন্তন প্ৰধানমন্ত্ৰী মুস্তাফা আবুছাঘুৰে তেওঁৰ অস্থায়ী চৰকাৰৰ মন্ত্ৰীসভাৰ বিষয়ে আলোচনা কৰি থকা কোঠাটোত উপস্থিত হৈছিল প্ৰতিবাদকাৰীসকল। ইয়াৰ পিছত আবুছাঘুৰে সভা স্থগিত ৰাখিব লগা হয়। কিছুদিন পূৰ্বে লিবিয়াৰ বেনগাজীত থকা আমেৰিকাৰ কনছুলেটত আক্ৰমণ হৈছিল। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হৈছিল।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/ অৰৱিন্দ/মনোজ


 rajesh pande