উত্তৰ গুৱাহাটি জিএনআৰচিত গুৱাহাটী ডায়েৰী ছবি প্ৰমোচন
কামৰূপ, ০২ জুলাই (হি স)। উত্তৰ গুৱাহাটি জিএনআৰচি মেডিকেলত গুৱাহাটী ডায়েৰী ছবিখনৰ প্ৰচাৰ (GUWAHATI DI
উত্তৰ গুৱাহাটি জিএনআৰচিত গুৱাহাটী ডায়েৰী ছবি প্ৰমোচন


কামৰূপ, ০২ জুলাই (হি স)। উত্তৰ গুৱাহাটি জিএনআৰচি মেডিকেলত গুৱাহাটী ডায়েৰী ছবিখনৰ প্ৰচাৰ (GUWAHATI DIARY FILM PROMOTION) কৰা হয়। বিশিষ্ট চিকিৎসক প্ৰণীতা শইকীয়াই প্ৰযোজন কৰা আৰু প্ৰশান্ত শইকীয়াই পৰিচালনা কৰা এখন ব্যতিক্ৰমি বোলছবি হৈছে গুৱাহাটী ডায়েৰী।

গুৱাহাটী ডায়েৰী বোলছবি খনত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী বৰষা ৰাণী বিষয়া, মিন্টু বৰুৱা, হেমন্ত দেব্নাথ আদি বহুতো জনপ্ৰিয় অভিনেতাই। তথাকথিত নৃত্য গীতৰ পৰা আঁতৰি বোলছবি খন গতানুগতিক তথা দৈনন্দিন জীৱন ধৰাৰ লগত সঙ্গতি ৰাখি নিৰ্মান কৰা হৈছে।

অহা ১৫ জুলাইত অসমৰ সকলো ছবি গৃহতে মুক্তি লাভ কৰিবলগীয়া ছবিখনক লৈ ইয়াত জড়িত হৈ থকা সকলো কলা কুশলী খুবেই আশাবাদী।

আনহাতে আজি উত্তৰ গুৱাহাটিস্থিত জিএনআৰচি হাস্পতালৰ মাহটোৰ কৰ্মচাৰী (Employee of the Month) কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি বোলছবি খনত অভিনয় কৰা শিল্পী সকল ইয়াত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande