ইৰাণত নবাৰকৈ ভূমিকম্পৰ কম্পন, নিহত ৫, আঠখন দেশলৈ ভূমিকম্পৰ প্ৰভাৱ
–কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত, ৪৪ জন লোক আহত –ডুবাইত জীৱন ৰক্ষা কৰিবলৈ ৰাজপথলৈ জনতা তেহৰাণ, ০
ইৰাণত নবাৰকৈ ভূমিকম্পৰ কম্পন, নিহত ৫, আঠখন দেশলৈ ভূমিকম্পৰ প্ৰভাৱ


–কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত, ৪৪ জন লোক আহত

–ডুবাইত জীৱন ৰক্ষা কৰিবলৈ ৰাজপথলৈ জনতা

তেহৰাণ, ০২ জুলাই (হি.স.)। ইৰাণত শনিবাৰে পুৱা সাত ঘণ্টাত নবাৰকৈ হোৱা ভূমিকম্পত পাঁচজন লোকৰ মৃত্যু হয়। ভূমিকম্পৰ প্ৰভাৱ ডুবাইকে ধৰি আঠখন দেশত দেখা গৈছিল। ডুবাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰি বহু সংখ্যক লোক ৰাজপথলৈ ওলাই আহিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শনিবাৰে পুৱতি নিশা দক্ষিণ ইৰাণত তীব্ৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পটোত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু ৪৪ জন আহত হৈছিল। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ প্ৰতিবেদন অনুসৰি শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৩:০২ বজাত ভূমিকম্পটো সংঘটিত হয়। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.০ আছিল। ইৰাণৰ চৰকাৰী টিভি চেনেলে জনাইছে যে ভূমিকম্পৰ কেন্দ্ৰস্থল ৰাজধানী তেহৰাণৰ পৰা প্ৰায় ১,০০০ কিলোমিটাৰ দক্ষিণে থকা ছায়হ খোশ গাঁৱত আছিল। হৰ্মোজগান প্ৰদেশৰ এই গাওঁখনত প্ৰায় ৩০০ জন লোক বাস কৰে।ইয়াৰ পিছতে গাওঁখনৰ ওচৰত দুৰ্যোগ সাহায্য দল মোতায়েন কৰা হৈছে।

ইৰাণৰ উপৰিও এই ভূমিকম্পৰ প্ৰভাৱ বাহৰেইন, চৌদি আৰৱ, ওমান, পাকিস্তান, কাটাৰ, ইউ.এ.ই. আৰু আফগানিস্তানলৈকে আছিল। ইউ.এ.ই. চহৰ ডুবাইত বহু মহলীয়া অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাত জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। ঠাইভেদে বহু সংখ্যক লোকে বহু মহলীয়া অট্টালিকাবোৰ এৰি ওলাই আহি মুকলি ঠাইবোৰত সমবেত হৈছিল। আনহাতে ইৰাণত ৬.০ প্ৰাবল্যৰ কম্পনৰ পিছত কিছু সময়ৰ ভিতৰতে একেৰাহে নবাৰকৈ কম্পনৰ অনুভৱ কৰা হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ অনুসৰি পুৱা ৩.১৭ বজাত, ৩.৩৭ বজাত, ৪.১৩ বজাত, ৪.৪৩ বজাত, ৪.৫৪, ৪.৫৫, ৫.১৯ আৰু ১০.৩৬ বজাত প্ৰথমটো কম্পন পুৱা ৩.১৭ বজাত, আবেলি ৩.৩৭ বজাত, আবেলি ৪.১৩ বজাত, ৪.৫৫, ৫.১৯ বজাত অনুভৱ কৰা হৈছিল। এই সময়ছোৱাত ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা ৪ ৰ পৰা ৬ ৰ ভিতৰত জোখা হৈছিল। ইৰাণৰ চৰকাৰী টিভি চেনেলৰ মতে ভূমিকম্পৰ ফলত বহু অট্টালিকা আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছিল।

হিন্দুস্থান সমাচাৰ/ সঞ্জীৱ/ বিস্মিতা/মনোজ


 rajesh pande