তেজপুৰত ব্ৰাউন চুগাৰ জব্দ,দুজন গ্ৰেপ্তাৰ
শোণিতপুৰ, ০২ জুলাই(হি.স.)। তেজপুৰৰ কছাৰীগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ব্ৰাউন চুগাৰ ৷ ১৫ টা ড্ৰা
তেজপুৰত ব্ৰাউন চুগাৰ জব্দ,দুজন গ্ৰেপ্তাৰ


শোণিতপুৰ, ০২ জুলাই(হি.স.)। তেজপুৰৰ কছাৰীগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ব্ৰাউন চুগাৰ ৷ ১৫ টা ড্ৰাগছ ভৰ্তী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ তেজপুৰৰ মিছন চাৰিআলিত দৈনিক হোৱা আৰক্ষীৰ নাকা চেকিঙৰ কালত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

তেজপুৰৰ কুমাৰ গাঁৱৰ ভাস্কৰ বৰা আৰু কটনৰোড হাজৰিকা চুকৰ আনন্দ দাস নামৰ দুজন যুৱকৰ পৰা জব্দ কৰা হয় মাৰাত্মক ড্ৰাগছখিনি ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande