কোকৰাঝাৰ পৰিদৰ্শন উত্তৰ পূৰ্বাঞ্চলৰ এডিজি মে. জে. ভাস্কৰ কলিতাৰ
কোকৰাঝাৰ, ০২ জুলাই (হি.স.): উত্তৰ পূৰ্বাঞ্চলৰ নেচনেল কেডেট কৰ্পছ (এন চি চি)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান
কোকৰাঝাৰ পৰিদৰ্শন উত্তৰ পূৰ্বাঞ্চলৰ এডিজি মে. জে. ভাস্কৰ কলিতাৰ


কোকৰাঝাৰ, ০২ জুলাই (হি.স.): উত্তৰ পূৰ্বাঞ্চলৰ নেচনেল কেডেট কৰ্পছ (এন চি চি)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই আজি কোকৰাঝাৰ জিলা পৰিদৰ্শন কৰি জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ লগত জিলাখনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। অতিৰিক্ত সঞ্চালক প্ৰধান মাজৰ জেনেৰেল ভাস্কৰ কলিতাক সংগ দিয়ে ধুবুৰী নেচনেল কেডেট কৰ্পছ (এন চি চি)ৰ কমাণ্ডেন্ট কৰ্নেল নীৰাজ ট্ৰিবেদীয়ে।

আলোচনাৰ অন্তত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সংবাদমেলত ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া কলিতাই জনায় যে - কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত বৰ্তমান ৪০০ ৰ অধিক নেচনেল কেডেট কৰ্পছ( এন চি চি) ৰ কেডাৰ আছে।

অলপতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগত আলোচনা হোৱা অনুসৰি তেওঁলোকৰ ফালৰপৰা খালী হৈ থকা স্থান পূৰণ কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ জিলাত শিবিৰ পাতি ১০০ জন কেডাৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা কৰিব। লগতে কেন্দ্ৰীয় চৰকাৰ নতুন আঁচনি অগ্নিপথ সম্পৰ্কে ধনাত্মক দিশসমূহ জনাই তেওঁ কয় - এই আঁচনি কাৰ্য্যকৰী হ'লে সেনাৰ গড় বয়স ৩২ ৰ পৰা ২৬ লৈ কমি আহিব আৰু সেইটো বহুত কাৰণত যুৱক - যুৱতীসকলৰ বাবে বহুত কাৰণত সুবিধাজনক হ'ব। কাৰণ যিসকল যুৱক - যুৱতীয়ে চাকৰীৰ পৰা ঘুৰি আহিব তেওঁলোকে চৰকাৰী খণ্ড যেনে - সশস্ত্ৰ সীমা বল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আদিত নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব।

কিন্তু অসমৰ যুৱক- যুৱতীসকলৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চিতকৰণ দিছে যে অগ্নিপথৰ পৰা ঘূৰি অহা যুৱক - যুৱতীয়ে অসম আৰক্ষীত নিযুক্তি পাব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ নতুন অগ্নিপথ আঁচনিক সকলোকে সমৰ্থন জনাবলৈ ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া জনে আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande