নেপালত সক্ৰিয় চীনা অপৰাধী, গ্ৰেপ্তাৰ ৩
কাঠমাণ্ডূ, ০১ জুলাই (হি.স.)। চীনে চুবুৰীয়া দেশবোৰত আধিপত্য বিস্তাৰ কৰাৰ কোনো প্ৰয়াস এৰি দিয়া নাই।
নেপালত সক্ৰিয় চীনা অপৰাধী, গ্ৰেপ্তাৰ ৩


কাঠমাণ্ডূ, ০১ জুলাই (হি.স.)। চীনে চুবুৰীয়া দেশবোৰত আধিপত্য বিস্তাৰ কৰাৰ কোনো প্ৰয়াস এৰি দিয়া নাই। ফলত চীনৰ অপৰাধীসকলেও চুবুৰীয়া দেশবোৰত সক্ৰিয় হৈ পৰিছে। নেপালত তেওঁলোকৰ কাৰ্যকলাপ বৃদ্ধি পোৱা দেখি নেপাল আৰক্ষীয়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে। নেপালী আৰক্ষীয়ে এটা চীনা ছফ্টৱেৰ কোম্পানীত অভিযান চলাই তিনিজন চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। এইকেইজনে চাইবাৰ অপৰাধৰ এটা সংগঠিত দল চলাই আছিল বুলি জানিবলৈ পৰা গৈছে।

জিলা আৰক্ষী কাৰ্যালয় কাস্কিৰ এটা দলে বৃহস্পতিবাৰে চাইবাৰ অপৰাধ সম্পৰ্কীয় কাৰ্যকলাপৰ সন্দেহত চীনৰ এটা ছফ্টৱেৰ কোম্পানীত তালাচী চলাইছিল বুলি মুখ্য আৰক্ষী অধীক্ষক ৰমেশ থাপাই কয়। পোখৰা-১৭ৰ ডামচাইটৰ এটা ভাড়াঘৰৰ পৰা তিনিজন চীনা আৰু এজন নেপালী নাগৰিকক ৪৬ লাখ নগদ নেপালী টকাৰে গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনে এই ধনৰ উৎস দেখুৱাব নোৱাৰিলে। সেয়েহে টকা খিনি জব্দ কৰা হৈছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চীনা নাগৰিকসকল নেপাললৈ পৰ্যটক ভিছাত আহি অবৈধভাৱে কাম কৰি আছিল। বৰ্তমান গোটেই বিষয়টো তদন্তৰ অধীনত আছে।

দৰাচলতে, চীনা নাগৰিকসকলে নেপালক চাইবাৰ অপৰাধৰ কেন্দ্ৰ কৰি তুলিছে। নেপাল আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। এবছৰত চাইবাৰ অপৰাধৰ সন্দৰ্ভত ১২২ জন চীনা নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে নেপাল আৰক্ষীয়ে কাস্কি জিলাৰ এটা চীনা ছফ্টৱেৰ কোম্পানীত অভিযান চলায় আৰু তিনিজন চীনা নাগৰিক আৰু এজন নেপালী নাগৰিকক ৪৬ লাখ নেপালী টকাৰ সৈতে গ্ৰেপ্তাৰ কৰে।

হিন্দুস্থান সমাচাৰ/ সঞ্জীৱ/বিস্মিতা/মনোজ


 rajesh pande