মালয়েছিয়া অপেন ২০২২: কোৱাৰ্টাৰ ফাইনেলত পৰাজিত পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয়
কুয়ালালামপুৰ, ০১ জুলাই (হি.স.)। বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয় মালয়েছিয়া অপেন ২০২
মালয়েছিয়া অপেন ২০২২: পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয় কোৱাৰ্টাৰ ফাইনেলত পৰাজিত


কুয়ালালামপুৰ, ০১ জুলাই (হি.স.)। বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু এইচ এছ প্ৰণয় মালয়েছিয়া অপেন ২০২২ৰ পৰা বাহিৰ হয়। শুকুৰবাৰে খেলা মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ২১-১৩, ১৫-২১, ১৩-২১ ব্যৱধানত টাইৱানী টাই জু য়িংৰ হাতত পৰাস্ত হয়।

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে থাইলেণ্ডৰ ফিট্টায়াপুৰনে টিৱানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ প্ৰৱেশ কৰিছিল। সিন্ধুৱে তেওঁৰ থাইলেণ্ডৰ প্ৰতিদ্বন্দীক ১৯-২১, ২১-৯, ২১-১৪ত পৰাস্ত কৰিছিল। পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত এইচ এছ প্ৰণয়ও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ গৈছে। ছিংগাপুৰৰ জনাথন ক্ৰিষ্টিয়ে প্ৰণয়ক ২১-১৮, ২১-১৬ ত পৰাস্ত কৰে।

হিন্দুস্থান সমাচাৰ/ বীৰেন্দ্ৰ/ বিস্মিতা/মনোজ


 rajesh pande