বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস
নতুন দিল্লী, ০১ জুলাই (হি.স.)। জুলাইৰ প্ৰথম দিনটোতে সাধাৰণ ৰাইজে মুদ্ৰাস্ফীতিৰ পৰা কিছু সকাহ লাভ কৰি
বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকালৈ হ্ৰাস


নতুন দিল্লী, ০১ জুলাই (হি.স.)। জুলাইৰ প্ৰথম দিনটোতে সাধাৰণ ৰাইজে মুদ্ৰাস্ফীতিৰ পৰা কিছু সকাহ লাভ কৰিছে। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীবোৰে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১৯৮ টকা হ্ৰাস কৰিছে। ইণ্ডিয়ান অইলকে ধৰি অন্যান্য পেট্ৰ'লিয়াম কোম্পানীবোৰে বাণিজ্যিক চিলিণ্ডাৰৰ হাৰ হ্ৰাস কৰিছে। নতুন হাৰ শুক্ৰবাৰৰ পৰা কাৰ্যকৰী হৈছে।

ইণ্ডিয়ান অইল ৱেবছাইটৰ মতে ৰাষ্ট্ৰীয় ৰাজধানীত ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ২০২১ টকালৈ হ্ৰাস পাইছে। আগতে প্ৰতিটো চিলিণ্ডাৰত ২,২১৯ টকা আছিল। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য এমাহত দ্বিতীয়বাৰৰ বাবে হ্ৰাস কৰা হৈছে। ইয়াৰ আগতে চলিত বছৰৰ ১ জুনত ইয়াৰ মূল্য ১৩৫ টকা হ্ৰাস পাইছিল। অৱশ্যে, এই মুহূৰ্তত ১৪.২ কিলোগ্ৰাম ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য সলনি হোৱা নাই।

ইয়াৰ উপৰিও, দেশৰ অন্যান্য মহানগৰসমূহতো ১৯ কিলোগ্ৰাম ইণ্ডেন বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সলনি হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত বাণিজ্যিক গেছৰ মূল্য এতিয়া প্ৰতি চিলিণ্ডাৰত সৰ্বনিম্ন ১,৯৮১ টকালৈ হ্ৰাস পাইছে। আনহাতে হ্ৰাস হোৱা স্বত্বেও চেন্নাইৰ সৰ্বাধিক মূল্য প্ৰতিটো চিলিণ্ডাৰত ২,১৮৬ টকা।

উল্লেখ কৰিব পাৰি যে দেশৰ চাৰিখন মহানগৰত ১৪.২ কিলোগ্ৰাম ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ৰাজধানী দিল্লীত ১,০০৩ টকা। আনহাতে মুম্বাইতো একে মূল্যত উপলব্ধ। একে সময়তে, কলকাতাত ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত সৰ্বাধিক ১,০২৯ টকা। আনহাতে চেন্নাইত প্ৰতিটো চিলিণ্ডাৰত ১,০১৯ টকা ব্যয় হয়।

হিন্দুস্থান সমাচাৰ/ প্ৰজেশ শংকৰ/ বিস্মিতা/মনোজ


 rajesh pande