মালয়েছিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু
কুৱালালামপুৰ, ৩০ জুন (হি.স.)। ভাৰতৰ তাৰকা মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে বৃহস্পতিবাৰে মালয়েছ
malaysia open_quarterfinals_pv sindhu_1


কুৱালালামপুৰ, ৩০ জুন (হি.স.)। ভাৰতৰ তাৰকা মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে বৃহস্পতিবাৰে মালয়েছিয়া অ’পেন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ ফিট্টায়াপৰ্ণ চৈৱানৰ বিৰুদ্ধে অদ্ভুত জয় পঞ্জীয়ন কৰে সিন্ধুৱে। চৈৱানক ১৯-২১, ২১-৯, ২১-১৪ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

১ নং ক’ৰ্টত খেলি থকা সিন্ধুৱে মেচখনত থাইলেণ্ডৰ চৈৱানৰ বিৰুদ্ধে কঠিন পৰীক্ষাত অৱতীৰ্ণ হয়। প্ৰথমখন খেলত ১৯-২১ গ’লত পৰাস্ত হৈছিল সিন্ধুৱে। মেচখনৰ দ্বিতীয়খন খেলত সিন্ধুৱে এক দৰ্শনীয় কামবেক কৰি ২১-৯ গ’লত জয় পঞ্জীয়ন কৰি প্ৰতিপক্ষক সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে।

মেচখনৰ তৃতীয়খন খেলত দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে অগ্ৰগতি লাভ কৰি মেচখনত ২১-১৪ গ’লত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান দখল কৰে। কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয় ছিড টাই ট্জু-য়িঙৰ মুখামুখি হ’ব সিন্ধুৱে।

পিছত, এইচ এছ প্ৰণয়ে বিশ্বৰ চাৰি নম্বৰ চীনা টাইপেই খেলুৱৈ চৌ টিয়েন-চেনক পোনপটীয়া খেলত ২১-১৫, ২১-১৭ ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

হিন্দুস্থান সমাচাৰ / সুনীল/ অৰৱিন্দ/মনোজ


 rajesh pande