- জগন্নাথ চৰকা আৰু টুকুনি চাহুৱে মুৰ্মুৰ মনোনয়ন পত্ৰত স্বাক্ষৰ
নতুন দিল্লী, ২৩ জুন (হি.স.)। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উপস্থিত হৈছে। তেওঁ শুকুৰবাৰে ২৪ জুনত মনোনয়ন পত্ৰ দাখিল কৰিব। তেওঁৰ মনোনয়নৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।
মুৰ্মুক ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, অৰ্জুন মুণ্ডা, অৰ্জুন ৰাম মেঘৱাল, ড০ বীৰেন্দ্ৰ কুমাৰ আৰু বিজেপি নেতা মনোজ তিৱাৰী, ৰামবীৰ সিং বিধুৰী, ৰমেশ বিধুৰী, বিজেপি দিল্লীৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তা আৰু অন্যান্যসকলে আদৰণি জনায়। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত মুৰ্মু প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উপস্থিত হৈছে।
মুৰ্মুৱে শুকুৰবাৰে তেওঁৰ মনোনয়ন দাখিল কৰিব। বিজু জনতা দলৰ (বিজেডি) মুৰব্বী আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নিৰ্দেশত ৰাজ্য চৰকাৰৰ দুজন কেবিনেট মন্ত্ৰী প্ৰস্তাৱক হৈছে। কেবিনেট মন্ত্ৰী জগন্নাথ চৰকা আৰু টুকুনি চাহুৱে বৃহস্পতিবাৰে প্ৰস্তাৱক হিচাপে মুৰ্মুৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰে।
বৃহস্পতিবাৰে পুৱা বিজেপি সভাপতি জে পি নাড্ডাই উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে কথা পাতিছিল। পৰৱৰ্তী সময়ত, পাটনায়কে টুইট কৰি কয় যে মুৰ্মুৰ মনোনয়নত দুজন মন্ত্ৰী ক্ৰমে জগন্নাথ সৰকা আৰু টুকুনি চাহু প্ৰস্তাৱক হিচাপে থাকিব। ইয়াৰ পিছতে উৰিষ্যাৰ দুয়োগৰাকী মন্ত্ৰীয়ে আজি দিল্লীত তেওঁলোকৰ মনোনয়ন পত্ৰত স্বাক্ষৰ কৰে। শুকুৰবাৰে মুৰ্মুৰ মনোনয়নৰ সময়ত দুয়োজন মন্ত্ৰীও উপস্থিত থাকিব।
যদিও পাটনায়ক বৰ্তমান ইটালী ভ্ৰমণত আছে তেওঁ আগতে ৰাজ্যখনৰ সকলো বিধায়কক দলৰ সীমাৰ উৰ্ধত উঠি ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত মুৰ্মু হ'ব প্ৰথম জনজাতীয় মহিলা যি দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ গৌৰৱ অৰ্জন কৰিব। তেওঁ আগতে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উৰিষ্যা বিধান সভাৰ সদস্য আৰু মন্ত্ৰীও আছিল।
হিন্দুস্থান সমাচাৰ/ অজিত/ বিস্মিতা/মনোজ