দ্ৰৌপদী মুৰ্মুৰ মনোনয়নত উৰিষ্যাৰ দুজন মন্ত্ৰী প্ৰস্তাৱক
ভুৱনেশ্বৰ, ২৩ জুন (হি.স.)। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এ ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ মনোনয়নত উৰি
দ্ৰৌপদী মুৰ্মুৰ মনোনয়নত উৰিষ্যাৰ দুজন মন্ত্ৰী প্ৰস্তাৱক


ভুৱনেশ্বৰ, ২৩ জুন (হি.স.)। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এ ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ মনোনয়নত উৰিষ্যাৰ দুজন মন্ত্ৰী প্ৰস্তাৱক হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বৃহস্পতিবাৰে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিল।

পাটনায়কে টুইট কৰি কয় যে দুজন ৰাজ্যিক মন্ত্ৰী জগন্নাথ সৰকা আৰু টুকুনি চাহু মুৰ্মুৰ মনোনয়নত প্ৰস্তাৱক হ'ব। দুয়োজন মন্ত্ৰীয়ে বৃহস্পতিবাৰে মনোনয়ন পত্ৰত স্বাক্ষৰ কৰিব আৰু শুকুৰবাৰে মনোনয়নৰ সময়ত উপস্থিত থাকিব।

যদিও পাটনায়ক বৰ্তমান ইটালী ভ্ৰমণত আছে তেওঁ আগতে ৰাজ্যখনৰ সকলো বিধায়কক দলৰ সীমাৰ উৰ্ধত উঠি ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল।

হিন্দুস্থান সমাচাৰ/ সমন্বয়/ বিস্মিতা/মনোজ


 rajesh pande