নতুন দিল্লী, ২৩ জুন (হি.স.)। ভাৰতত কৰোনা সংক্ৰমণ অব্য়াহত আছে। বৃহস্পতিবাৰে পুৱা ৮ বজালৈ যোৱা ২৪ ঘণ্টাত দেশত ১৩,৩১৩ গৰাকী নতুন কৰ’না আক্ৰান্ত ৰোগী পোৱা গৈছে। এই সময়ছোৱাত কৰ’না মহামাৰীক পৰাস্ত কৰা লোকৰ সংখ্যা আছিল ১০,৯৭২ জন। একে সময়তে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৮ জন লোকৰ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে মুঠ ৪ কোটি ২৭ লাখ ৩৬ হাজাৰ ০২৭ গৰাকী ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে৷ বৰ্তমান আৰোগ্যৰ হাৰ হৈছে ৯৮.৬০ শতাংশ। বৰ্তমান দেশত কৰ’না ভাইৰাছৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৮৩ হাজাৰ, ৯৯০জনলৈ বৃদ্ধি পাইছে। দৈনিক সংক্ৰমণৰ হাৰ ২.০৩ শতাংশ।
আইচিএমআৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৬.৫৬ লাখতকৈ অধিক পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে এই পৰ্যন্ত মুঠ ৮৫.৯৪ কোটি পৰীক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/বিজয়ালক্ষ্মী/ অৰৱিন্দ/মনোজ