পুনৰ কাকী আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক
হোজাই, ২৩ জুন (হি স)। পুনৰ কাকী আৰক্ষীৰ জালত পৰিছে এটা প্ৰৱঞ্চক৷ বহু বছৰ ধৰি হোজাই জিলাৰ পৰা ফাইনেন
আটক


হোজাই, ২৩ জুন (হি স)। পুনৰ কাকী আৰক্ষীৰ জালত পৰিছে এটা প্ৰৱঞ্চক৷ বহু বছৰ ধৰি হোজাই জিলাৰ পৰা ফাইনেন্সৰ কিস্তি আদায় দিবলৈ থকা গাড়ী ক্ৰয় কৰি, কিস্তি আদায় দিম বুলি বহি: ৰাজ্যত বিক্ৰী অভিযোগত নাজিমউদ্দিন নামৰ প্ৰৱঞ্চকটোক আটক কৰা হয় ৷ নাজিম উদ্দিনৰ ঘৰ কাকী ২ নং টঙীয়াত ৷ নিশা কাকী আৰক্ষীয়ে আটক কৰে নাজিমউদ্দিনক।

উল্লেখ্য় যে কাকী আৰক্ষীয়ে ইয়াৰ পুৰ্বে প্ৰৱঞ্চচনাৰ অভিযোগত শিৱসাগৰ জিলাৰ মৰাণৰ সেউজ নগৰৰ আব্দুলা আহমেদ ওৰফে মাইনাক আটক কৰিছিল ৷ দুয়োজনকে আৰক্ষীয়ে জিম্মাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে।

ইফালে প্ৰৱঞ্চনাৰ অভিযোগত পলাতক তাৰিখ আনোৱাৰ চৌধৰী, নিয়ামুল আলটাব, আফজল হুছেইন আৰু ৱাচিম আহমেদ নামৰ লোক কেইজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাকী আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande