শোণিতপুৰ, ২৩ জুন(হি.স.)। প্ৰকৃতি সুৰক্ষাৰ লগতে কম খৰচত কেনেকৈ চলিব পাৰি বা ভ্ৰমন কৰিব পাৰি সেই বাণী সৰ্বসাধাৰন ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদুৰ হায়দৰাবাদৰ তেলেংগানাৰ পৰা পদযাত্ৰা কৰি ভাৰত ভ্ৰমণ কৰিছে এজন যুৱকে৷ যোৱা ডিচেম্বৰতে যাত্ৰা আৰম্ভ কৰি ২৭ খন ৰাজ্য অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয়হি জামুগুৰিহাটত৷
জামুগুৰিহাটৰ ধলাইবিলত যুৱক জনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে৷ সম্বৰ্ধনা গ্ৰহন কৰি তেলেংগানাৰ যুৱক শ্ৰী কান্ত কল্যানে কয়- অসমৰ মানুহ অতিথি পৰায়ন আৰু সংস্কৃতিবান৷ অসমৰ প্ৰাকৃতিক পৰিৱেশক লৈ মনোমোহিত হৈছো। দৈনিক দুশ কিলোমিটাৰ খোজ কঢ়া যুৱকজনে আৰু ৮ খন ৰাজ্য ভ্ৰমন কৰিয়েই যাত্ৰা সামৰণি মাৰিব বুলিও মন্তৱ্য কৰে৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.