ডিব্ৰুগড়, ২৩ জুলাই(হি.স.)। ডিব্ৰুগড় জিলাৰ মৰাণৰ নিজখোৱাং চমুৱা গাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছে এটা বনৰীয়া ম'হে৷ কেইবামাহো অঞ্চলটোত বিচৰণ কৰি থকা ম''হটোৱে শেহতীয়াকৈ বহু কৃষকৰ কঠিয়াতলি নষ্ট কৰাত সমস্যাৰ সমূখীন হৈছে কৃষকসকল৷
ম'হটোৱে বৰ্তমানলৈকে অঞ্চলটোৰ প্ৰায় ২০ গৰাকী কৃষকৰ কঠিয়াতলিত সোমাই কঠিয়া নষ্ট কৰিছে৷ ফলত এইবাৰ পথাৰত ৰোৱা ৰুবলৈ সমস্যাৰ সমূখীন হ''ব কৃষকসকল৷ তদুপৰি উগ্ৰ ৰূপ লোৱা ম'হটোৱে গৰু-ছাগলীৰ লগতে পথাৰত হাল বাই থকা কৃষককো আক্ৰমণৰ লক্ষ্য কৰি লোৱাত অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগৰ পিছতে অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈ কৃষক ৰাইজক ফটকা যোগান ধৰিছে যদিও আশ্বস্ত হ''ব পৰা নাই ৰাই৷ বিশেষকৈ আগন্তক খেতিৰ সময়ত ম''হৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে সুব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.