ইউ পিঃ পিলিভীটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১০ জনৰ
- চালকজনে টোপনি অহাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা -হৰিদ্বাৰৰ পৰা দৰ্শন কৰি গোলালৈ উভতি আহিছিল ভক্তসক
consect photo__1


- চালকজনে টোপনি অহাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা

-হৰিদ্বাৰৰ পৰা দৰ্শন কৰি গোলালৈ উভতি আহিছিল ভক্তসকল

পিলিভীত, ২৩ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ পিলিভীত জিলাৰ গজৰউলা আৰক্ষী থানা এলেকাত বৃহস্পতিবাৰে পুৱাৰ ভাগত গছত খুন্দা মৰাৰ ফলত ঘাইপথত এখন অনিয়ন্ত্ৰিত ডি চি এম বাহন বাগৰি পৰে। এই দুৰ্ঘটনাত ১০ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ৰ পৰা ৭জন লোক আহত হয়। আৰক্ষীয়ে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰিছে। বিদেহ আত্মাৰ শান্তি কামনা কৰি তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ সমান্তৰালভাৱে আহত সকলক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

চি অ’ চিটিৰ মতে, গজৰৌলা থানা এলেকাত পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। চালকজনে টোপনি অহাৰ পিছতে গছজোপাৰ লগত খুন্দা মৰাৰ ফলত ডিচিএমখন ওলোটা হৈ পৰে। ডিচিএমত মুঠ ১৭ জন লোক আছিল। দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে চিকিৎসালয়ত দুজন লোকৰ মৃত্যু হয়। আহত হৈছে ৭ জন লোক। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহতসকলক জিলা চিকিৎসালয়লৈ লৈ যায়।

মৃত লোক কেইজন লক্ষ্মী (২৮), সঞ্জীৱৰ পত্নী লক্ষ্মী (২৮), তেওঁলোকৰ পুত্ৰ হৰ্ষ (১৬), কন্যা খুশী (০২), কৃষ্ণপালৰ পত্নী ৰচনা (২৮), সৰলা দেৱী (৬০), সুশান্ত (১৪), আনন্দ গোলাবাসী লালমান (৬৫), শ্যামসুন্দৰ (৫৫) আৰু চালক দিলশাদ (৩৫)।

আহত হৈছে শিলাম শুক্লা (৩৫), সঞ্জীৱ শুক্ল (৩৫), প্ৰবীণ (১৯), গোলা, প্ৰশান্ত (১৭), কৃষ্ণপাল শুক্লা, পুনম দেৱী (৪২), ঋষু ওৰফে যশ ত্ৰিবেদী (১৬)। এই আটাইকেইজন চিকিৎসাধীন হৈ আছে।

ইয়াত ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত জিলা দণ্ডাধীশ পুলকিত খাৰে, আৰক্ষী অধীক্ষক দীনেশ কুমাৰ পি.ই জিলা চিকিৎসালয়ত উপস্থিত হৈ আহত সকলৰ খবৰ লয়। জিলা দণ্ডাধীশে জনোৱা মতে, হৰিদ্বাৰৰ পৰা গোলালৈ উভতি আহোঁতে গজৰৌলাৰ সমীপত এই বেদনাদায়ক দুৰ্ঘটনা সংঘটিত হয়, য’ত ৮ জন লোকৰ থিতাতে মৃত্যু হয়। চিকিৎসালয়ত দুজন লোকৰ মৃত্যু হৈছে। আনহাতে ০৭ জন লোক আহত হৈছে।

হিন্দুস্থান সমাচাৰ/দীপক / অৰৱিন্দ/মনোজ


 rajesh pande