ত্ৰিপুৰাৰ চাৰিটা সমষ্টিত উপ-নিৰ্বাচনঃ পুৱা ৯.৩০ বজালৈ ১৪.৬৬ শতাংশ ভোটদান
-বিজেপিৰ দুগৰাকী প্ৰাৰ্থীৰ ভোটদান আগৰতলা, ২৩ জুন (হি.স.)। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাৰ চা
byepoll_1


byepoll_1


-বিজেপিৰ দুগৰাকী প্ৰাৰ্থীৰ ভোটদান

আগৰতলা, ২৩ জুন (হি.স.)। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰাৰ চাৰিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হয়। পূর্বৰ দৰেই এইবাৰো উপ-নির্বাচনত ভোটাৰসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে ৷ পুৱা বিজেপিৰ প্ৰাৰ্থী ড০ মানিক সাহা আৰু ড০ অশোক সিনহাই ভোটদান কৰে। পুৱা ৯.৩০ বজালৈকে ১৪.৬ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে।

বৃহস্পতিবাৰে ১ লাখ ৮৯ হাজাৰ ৩২ জন ভোটাৰে সিদ্ধান্ত ল’ব বিভিন্ন ৰাজনৈতিক দলৰ ২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ভাৰত কেশৰী ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত মালা পিন্ধাই আজি ভোটদান কৰে বিজেপিৰ দুগৰাকী প্ৰাৰ্থী ড০ মানিক সাহা আৰু ড০ অশোক সিনহাই। অৱশ্যে ভোটদান কৰাৰ পূৰ্বে ড০ মানিক সাহাই লক্ষ্মী নাৰায়ণ মন্দিৰত পূজা সম্পন্ন কৰিছিল।

ভোটগ্ৰহণ বুথত মুখ্যমন্ত্ৰীগৰাকীয়ে ভোট দিবলৈ শাৰী পাতি থিয় হৈ থকা দেখি বহু লোক আচৰিত হৈছিল। কাৰণ, ২০১৮ চনৰ আগতে ত্ৰিপুৰাত এনে কোনো প্ৰথা নাছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আৰম্ভ কৰিছে এই প্ৰথা। বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়েও এই কথা বজাই ৰাখিছে।

৪টা সমষ্টিত আজি পুৱা ৯.৩০ বজালৈকে ১৪.৬৬ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। ৮ টা টাউন বৰাদোৱালি বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদান কৰা হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৬-আগৰতলা বিধানসভা সমষ্টিত ১৫.২৯ শতাংশ, ৮ টাউন বৰাদৱলী বিধানসভা সমষ্টিত ১৬.২৫ শতাংশ, ৪৬-ছৌৰমা বিধানসভা সমষ্টিত ১৩ শতাংশ আৰু ৫৭নং যুৱৰাজনগৰ বিধানসভা সমষ্টিত ১৪ শতাংশ ভোটদানৰ হাৰ .

ইফালে, ৬-আগৰতলা বিধানসভা সমষ্টিৰ ৫, ২৯ আৰু ৩০ নং বুথত ই ভি এমৰ বিসংগতিৰ খবৰ পোৱা গৈছে। ভোটাৰসকলে বহু সময় শাৰীত থিয় দিব লগা হৈছিল। অৱশ্যে আয়োগৰ বিষয়াগৰাকীয়ে কয় যে ইভিএম সুচল হোৱাৰ পিছত ভোটদান আৰম্ভ হৈছে। এতিয়ালৈকে ভোটদান শান্তিপূৰ্ণ হৈ আছে। অৱশ্য়ে কিছুমান ঠাইৰ পৰা দুই–এক অভিযোগ আহি আছে। পশ্চিম ত্ৰিপুৰা জিলা আৰক্ষী অধীক্ষক জি ৰেড্ডীয়ে কয় যে সকলো অভিযোগৰ তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ/ সন্দীপ / অৰৱিন্দ/মনোজ


 rajesh pande