বঙাইগাওঁ, ২৩ জুন(হি.স.)। মাণিকপুৰৰ বাশবাৰীত ভয়ংকৰ গৰাখহনীয়া। আই নদীয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে বাশবাৰীত। আজিও চপৰা চপৰে খহিছে নৈৰ গৰা।
নদীত জাহ গৈছে এটাৰ পিছত আনটোকৈ পৰিয়ালৰ সপোনৰ ঘৰদুৱাৰ। ভোকে লঘোনে বিনিদ্ৰাত দিন ৰাতি পাৰ কৰিছে ক্ষতিগ্ৰস্ত লোক সকলে। জনপ্ৰতিনিধি তথা প্ৰশাসনে পিঠি দিয়াৰ অভিযোগ তুলিলে ভুক্তভোগীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.