চাকৰিৰ বিপৰীতে ব্যৱসায়েৰ স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী উচ্চশিক্ষিতা যুৱতীয়ে
তিনিচুকীয়া, ২৩ জুন(হি.স.)। এগৰাকী মেধা সম্পন্ন উচ্চশিক্ষিতা যুৱতীয়ে চৰকাৰী চাকৰিৰ বিপৰীতে বাছি লৈছে
চাকৰিৰ বিপৰীতে ব্যৱসায়েৰ স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী উচ্চশিক্ষিতা যুৱতীয়ে


তিনিচুকীয়া, ২৩ জুন(হি.স.)। এগৰাকী মেধা সম্পন্ন উচ্চশিক্ষিতা যুৱতীয়ে চৰকাৰী চাকৰিৰ বিপৰীতে বাছি লৈছে ব্যৱসায়ৰ পথ৷ কুকুৰাৰ কনী উৎপাদনৰ ব্যৱসায়েৰে নিজৰ লগতে বহু নিবনুৱাক দিছে কৰ্মসংস্থাপন৷

নাম ববিতা দুৱৰা, বয়স প্ৰায় ৩০ বছৰ৷ ঘৰ তিনিচুকীয়া জিলাৰ ৰূপাই ধন নগৰত৷ ৺ গিৰিন দুৱৰা আৰু ৰেখা দুৱৰাৰ কন্যা ববিতাই দেখুৱাইছে অদম্য সাহৰ নিদৰ্শন৷ দেশৰ লাখ লাখ যুৱক যুৱতীয়ে কৰ্মহীনতাত ভূগি থকাৰ সময়ত ববিতাই দেখুৱাইছে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন৷ ববিতাই স্কুলীয়া শিক্ষা ডিগবৈ স্থিত ডেলহি পাব্লিক স্কুল আৰু উচ্চ শিক্ষা মহাৰাষ্ট্ৰৰ পুনেত বিজ্ঞান শাখাত বায়োটেকনোলোজিত বি এছ চি কৰাৰ পিছত এমবিএ কৰি লোভনীয় চাকৰি এৰি থৈ ব্যৱসায়ৰ মানসেৰে পুনৰ অসমলৈ উভতি আহি আৰম্ভ কৰে ব্যৱসায়৷ বৰ্তমান জিলাখনৰ টিপুক আৰু ছৈখোৱাৰ ধাদুমত নীলকন্ঠ পলিট্ৰি ফাৰ্ম নামেৰে কুকুৰাৰ কনী উৎপাদনৰ ব্যৱসায় আৰম্ভ কৰিছে৷ বৰ্তমান দৈনিক ১৮,৬০০ টা কুকুৰাৰ কণী উৎপাদন হয় বুলি ববিতাই দুৱৰাই জানিবলৈ দিয়ে৷ মূল কনী সমূহ নেডাৰলেণ্ডৰ পৰা আমদানি কৰা বুলি জনায়। এবিধ বিশেষ ৰঙেৰে নিজৰ উৎপাদিত ফাৰ্মৰ নাম সম্বলিত ছিল মোহৰ মাৰি বিভিন্ন বজাৰত বিক্ৰীৰ বাবে এৰি দিয়ে৷ যোৱা মে মাহৰ পৰা আৰম্ভ কৰা এই ব্যৱসায়ত ববিতাই প্ৰায় দহ গৰাকীতকৈ অধিক থলুৱা নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ যুৱতীগৰাকীৰ ফাৰ্মত উৎপাদিত উন্নত মানৰ কুকুৰাৰ কনীয়ে ডিব্ৰুগড় , দুলিয়াজান , তিনিচুকীয়া, ডুমডুমা, ৰূপাই আদি বিভিন্ন ঠাইৰ বজাৰত গ্ৰাহকে আকোঁৱালি লৈছে৷ ববিতাই সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে এই খন আমাৰ সোনৰ অসম৷

ইয়াত উপাৰ্জনৰ থল আছে , চাকৰিত নিজস্ব স্বাধীনতা নাই , সেই কাৰনেই নিজে কিবা এটা কৰাৰ লগতে আন দহ জন নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে উভতি আহে অসমলৈ৷ এই গৰাকী সাহসী যুৱতীৰ বহি:ৰাজ্যৰ লোভনীয় চাকৰি বাদ দি নীলকন্ঠ পলিট্ৰি ফাৰ্ম নামেৰে আৰম্ভ কৰা ব্যৱসায়ৰৰ জড়িয়তে নিজৰ লগতে আন দহজনক আত্মনিৰ্ভৰশীল কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া নিশ্চয়কৈ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এক মহান আদৰ্শ৷

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.


 rajesh pande