হাইলাকান্দিত বানাক্ৰান্তৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ লক্ষণ
হাইলাকান্দি, ২৩ জুন(হি.স.)। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তৰ যেন এতিয়া দুখ দৰ্দশাৰ অন্ত নোহোৱা হ
হাইলাকান্দিত বানাক্ৰান্তৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ লক্ষণ


হাইলাকান্দি, ২৩ জুন(হি.স.)। ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্তৰ যেন এতিয়া দুখ দৰ্দশাৰ অন্ত নোহোৱা হৈছে। বিগত বহু দিন বানত ককবকোৱাৰ পিছত এতিয়া বান কিছু শুকাইছে যদিও বানাক্ৰান্ত অঞ্চলত দেখা দিছে বিভিন্ন ৰোগৰ লক্ষণ।

হাইলাকান্দিতো বানাক্ৰান্তৰ মাজত দেখা দিছে জ্বৰ, মুৰৰ বিষ, ভৰিৰ আঙুলীৰ চৰ্মৰোগৰ দৰে বিভিন্ন ৰোগৰ লক্ষণ। সেয়েহে এতিয়া ততপৰ হৈ পৰিছে হাইলাকান্দি জিলা স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ পৰা বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত স্বাস্থ্য সেৱা আগবঢ়োৱা হৈছে। ঠায়ে ঠায়ে কেম্প পাতি বানাক্ৰান্ত ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰি বিনামূলীয়াকৈ বেজি, ঔষধপাতি প্ৰদান কৰা হৈছে বুলি জানিব পৰা গছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.


 rajesh pande