বঙাইগাওঁত মৃতদেহ উদ্ধাৰ
বঙাইগাওঁ, ২৩ জুন(হি.স.)। বঙাইগাওঁত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হ
বঙাইগাওঁত মৃতদেহ উদ্ধাৰ


বঙাইগাওঁ, ২৩ জুন(হি.স.)। বঙাইগাওঁত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুৱা বঙাইগাঁও বিষৰ্জন থলীৰ পুখুৰীৰ পানীত এটি মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ পাছত আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে৷ মৃতদেহ উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকে চিনাক্ত কৰে৷

মৃত অমিত ঘোষৰ পুত্ৰই অভিযোগ কৰা মতে বঙাইগাঁৱত দুটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীৰ পৰা ঋণ লৈছিল তেওঁৰ দেউতাকে৷ এই ঋণৰ ধন সময় মতে পৰিশোধ কৰিব নোৱাৰাত তেওঁৰ দেউতাকক হেচা প্ৰয়োগ কৰি থকা হৈছিল৷ অভিযোগ মতে ফাইনেঞ্চ কোম্পানীৰ লোকে তেওঁৰ দেউতাকৰ লগত মাৰপিটতো লিপ্ত হৈছিল৷ যাৰ বাবে দেউতাকে আত্মহত্যাৰ পথ বাছি লোৱা বুলি জনায় পুত্ৰই৷ ইপিনে আৰক্ষীয়ে জনোৱা মতে তদন্তৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব৷ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande