তামাৰহাটত চোৰাং গৰুসহ সৰবৰাহকাৰী আটক
ধুবুৰী, ২৩ জুন(হি.স.)। তামাৰহাটত এইবাৰ এঘাৰটাকৈ চোৰাং গৰুৰ সৈতে এজন গৰু সৰবৰাহ কাৰী আটক। গৰু সৰবৰাহ
তামাৰহাটত চোৰাং গৰুসহ সৰবৰাহকাৰী আটক


ধুবুৰী, ২৩ জুন(হি.স.)। তামাৰহাটত এইবাৰ এঘাৰটাকৈ চোৰাং গৰুৰ সৈতে এজন গৰু সৰবৰাহ কাৰী আটক। গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী যিমান সক্ৰীয় হৈছে তাতকৈ যেন গৰু সৰবৰাহ কাৰী অধিক সজাগ হৈছে। যাৰ ফলত আৰক্ষীৰ চকুত ধুলি দি গৰু সৰবৰাহ কাৰীয়ে গোপনে নতুন নতুন কৌশলেৰে চোৰাং ভাৱে চলাইছে এই ব্যৱসায়।

অসম বঙ্গ সীমান্তৰ বহিৰাজ্যৰ পৰা গৰু আনি গংগাধৰ নদী পথেদি পাৰ কৰি তামাৰহাটৰ বিভিন্ন অঞ্চলেদি গৰুবোৰ পাৰ কৰে গৰু সৰবৰাহকাৰীয়ে। আজি কাহিলী পুৱাইও অসম বঙ্গ সীমান্তৰ বাঘডোকৰা গাওঁত গংগাধৰ নদীত এখন নাওত পাচটা গৰুৰ সৈতে এজন গো মাফিয়া আটক কৰে গাওঁ ৰক্ষী বাহিনীয়ে। ইফালে কুমাৰগঞ্জ পাৰঘাটৰ মধ্যপেটলা অঞ্চলত পাগলাহাট আৰক্ষীৰ অভিযানত ছয়টাকৈ গৰু আটক কৰি পাগলাহাট আৰক্ষীয়ে মধ্যপেটলা খোৱাৰত জমা দিয়ে। বাঘডোকৰা গংগাধৰ নদীত আটক কৰা নাও আৰু গৰু পাচটা আৰক্ষীয়ে জব্দ কৰাৰ লগতে ধুবুৰীৰ কাইম ভাষানী গাওঁৰ আমিনুৰ ইছলাম নামৰ গৰু সৰবৰাহ কাৰী জনক আটক কৰি ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande