ছত্তীশগড়ত চিআৰপিএফ শিবিৰত নক্সালৰ আক্ৰমণ
ৰায়পুৰ/দান্তেৱাড়া, ২৩ জুন (হি.স.)। বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত নক্সাল প্ৰভাৱিত অঞ্চলৰ দান্ত
ছত্তীশগড়ত চিআৰপিএফ শিবিৰত নক্সালৰ আক্ৰমণ


ৰায়পুৰ/দান্তেৱাড়া, ২৩ জুন (হি.স.)। বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত নক্সাল প্ৰভাৱিত অঞ্চলৰ দান্তেৱাড়াৰ কিৰাণ্ডুল অঞ্চলৰ হিৰোলিত নক্সালবাদীয়ে চিআৰপিএফৰ শিবিৰত আক্ৰমণ কৰে। অৰণ্যত আত্মগোপন কৰা নক্সালবাদীসকলে শিবিৰত কেইবা ৰাউণ্ড গুলী চালনা কৰিছে। নক্সালসকলকো উপযুক্ত প্ৰত্যুত্তৰ দিয়ে চিআৰপিএফ জোৱানসকলে। এতিয়ালৈকে আৰক্ষী বা নক্সালৰ ফালৰ পৰা কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

দান্তেৱাড়াৰ এছ পি সিদ্ধাৰ্থ তিৱাৰীয়ে চিআৰপিএফ শিবিৰত মাওবাদীৰ আক্ৰমণৰ কথা নিশ্চিত কৰি কয় যে শিবিৰৰ চাৰিওফালে গুলীবৰ্ষণ কৰা হৈছে। ধাৰাবাহিক নক্সালবাদী কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি হোৰোলি অঞ্চলত এক চিআৰপিএফ শিবিৰ স্থাপন কৰা হৈছে। এই অঞ্চলটো বিজাপুৰৰ সীমান্তৱৰ্তী নক্সালবাদীসকলৰ মালাংগীৰ অঞ্চল বুলি গণ্য কৰা হয়। গংগালুৰ এলেকা সমিতি আৰু নক্সালবাদীসকলৰ মালাংগীৰ এলেকা সমিতি দুয়োটাই অপৰাধ চলাই আছে।

হিন্দুস্থান সমাচাৰ/ কেশৱ শৰ্মা/ বিস্মিতা/মনোজ


 rajesh pande