সৰুপথাৰত বার্মীজ চুপাৰি ভৰ্ত্তি ট্ৰাক জব্দ
গোলাঘাট, ২৩ জুন(হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰত বাৰ্মীজ চুপাৰি ভৰ্ত্তি দুখন ট্ৰাক জব্দ কৰিছে আৰক্ষী
সৰুপথাৰত বার্মীজ চুপাৰি ভৰ্ত্তি ট্ৰাক জব্দ


গোলাঘাট, ২৩ জুন(হি.স.)। গোলাঘাট জিলাৰ সৰুপথাৰত বাৰ্মীজ চুপাৰি ভৰ্ত্তি দুখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে। যোৱানিশা সৰুপথাৰ আৰক্ষীয়ে অভিযান চলায় বাৰ্মিজ জুপাৰী ভৰ্তি দুখন ট্ৰাকৰ লগতে এখন ৱাগেনাৰ গাড়ীও জব্দ কৰে।

আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় এইছ আৰ ৬৫ এ ৯১৮৮ আৰু পি বি ১০ জি ডব্লিউ ৪৯৭৩ নম্বৰৰ দুখন চুপাৰী ভৰ্তি ট্ৰাক আৰু এন এল ০৭ চিএ ১৭৫৭ নম্বৰৰ এখন ৱাগেনাৰ বাহন জব্দ কৰে। নগালেণ্ডৰ ফ'টবস্তিৰ পৰা গোলাঘাটৰ দিশে আহিছিল বাৰমিজ চুপাৰিভৰ্তি ট্ৰাককেইখন। প্ৰতিখন ট্ৰাকতে ৩০০ বগৰো অধিক চুপাৰি আছিল বুলি আৰক্ষী সূত্ৰে জনায়। আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনাৰ সংক্ৰান্তত এজন চুপাৰী সৰবৰাহকাৰীৰ সৈতে মুঠ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.


 rajesh pande