যোৰহাট, ২২ জুন ( হি স )। কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত কাকজান খেলপথাৰত চলি থকা প্ৰয়াত শিক্ষাবিদ তথা ক্ৰীড়া সংগঠক ত্ৰিবেদানন্দ দত্ত আৰু ইন্দ্ৰ বৰদলৈ আৰু তৰুন চন্দ্ৰ ভূঞা সোঁৱৰণী পঞ্চম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেল খন অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ১৩ বছৰ অনুধ্বৰ লৰাৰ শাখাত কাকজান কচিং চেন্টাৰক গোলাঘাট কচিং চেন্টাৰে টাইব্ৰেকাৰত ৫-৩ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ।
অন্যহাতে ১৯ বছৰ অনুধ্বৰ খেলত গোলাঘাট কচিং চেন্টাৰক নুমলীগড় কচিং চেন্টাৰে টাইব্ৰেকাৰত ৪-২ গলত আৰু মহিলাৰ শাখাত কাকজান কচিং চেন্টাৰে মৰিয়নিৰ বাহনি চাহ বাগিচাৰ ফুটবল দলক টাইব্ৰেকাৰত ৫-৪ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । সাংবাদিক মানৱজ্যোতি বৰদলৈয়ে আঁত ধৰা ফাইনেল খেলৰ বঁটা বিতৰণী সভাত ট্ৰফী আৰু প্ৰাইজমানী সমূহ বিতৰণ কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত ক্ৰীড়া সংগঠক বলীন বৰুৱা , ৰাম প্ৰসাদ ফুকন,ভাস্কৰ ভূঞা, ড০অনন্ত তামুলী, ৰূপক ৰঞ্জন শইকীয়া, দেৱজিৎ বৰা,হৃদয়ানন্দ দত্ত , বীৰেণ বৰা, বিকাশ সন্দিকৈ আদি লোকসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে উক্ত ক্ৰীড়াৰ পৰিবেশে অনাগত দিনত সুদক্ষ খেলুৱৈৰ সৃষ্টি কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ