ৰাছিয়াৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ইউক্ৰেইনৰ বহু বিষয়া আটক
কিয়েভ/ৱাশ্বিংটন/লণ্ডন, ২২ জুন (হি.স.)। ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু আকাশত গৰ্জন কৰা বোমাত স্তম্ভিত হৈ প
Russia


কিয়েভ/ৱাশ্বিংটন/লণ্ডন, ২২ জুন (হি.স.)। ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু আকাশত গৰ্জন কৰা বোমাত স্তম্ভিত হৈ পৰা ইউক্ৰেইনে ৰাছিয়াৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত দেশখনৰ বহু লোকক আটক কৰিছে। মঙলবাৰে ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই এই তথ্য প্ৰদান কৰে।

নিৰাপত্তা সেৱাৰ তথ্য অনুসৰি ৰাছিয়াৰ চোৰাংচোৱাগিৰিৰ নেটৱৰ্কৰ সদস্য বুলি সন্দেহ কৰি চৰকাৰী উচ্চপদস্থ বিষয়া, উদ্যোগপতিকে ধৰি কেইবাজনো লোকক আটক কৰা হৈছে। ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই অনিবাৰ্য কাৰণত তেওঁলোকৰ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।

ইফালে ইউক্ৰেইনত পণবন্দী হৈ থকা দুজন আমেৰিকান নাগৰিকক ৰাছিয়াৰ প্ৰভাৱত ডনস্কত ৰখা হৈছে। যদি ইন্টাৰফেক্সৰ প্ৰতিবেদন সঁচা হয়, তেন্তে এণ্ডি আৰু আলেকজেণ্ডাৰৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হ’ব পাৰে। ইয়াৰ পূৰ্বে ব্ৰিটিছ নাগৰিকক যুদ্ধ চলোৱাৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ৰাছিয়াই কৈছে যে দুয়োজনক ক’ত ৰখা হৈছে, সেয়া জানিব পৰা হোৱা নাই। ইফালে ক্ৰেমলিনৰ এগৰাকী মুখপাত্ৰই কয় যে দুয়োজনেই সন্ত্ৰাসবাদী। জেনেভা কনভেনচনৰ অধীনত এই লোকসকল সুৰক্ষিত নহয়।

ৰুছ-ইউক্ৰেইন যুদ্ধক লৈ চিন্তিত বিশ্বৰ বহু দেশে ৰাছিয়াৰ ওপৰত সকলো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ব্ৰিটেইনকো এনে দেশত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী লিজ ট্ৰাছে কয় যে ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰালৈকে তেওঁৰ দেশে মস্কোৰ ওপৰত অধিক নিষেধাজ্ঞা আৰোপ কৰিব। ইউক্ৰেইনক অধিক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ লগতে ৰাছিয়াক পিছুৱাই লৈ যোৱাৰ বাবে ব্ৰিটেইন প্ৰতিশ্ৰুতিবদ্ধ।

ৰাছিয়াৰ আগ্ৰাসনৰ সন্মুখীন হোৱা ইউক্ৰেইনৰ শিক্ষামন্ত্ৰী শ্বেৰহি শ্বকাৰলেটে কয় যে আক্ৰমণৰ পিছত তেওঁৰ দেশৰ ৯০০ৰো অধিক শিক্ষকে সেনাবাহিনীত যোগদান কৰিছে। ইয়াৰে ৫১৩ গৰাকী শিক্ষক সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত। আনহাতে ৩৭৭ জনতকৈ অধিক শিক্ষকে প্ৰশিক্ষণ লৈ আছে।

আনহাতে, ৰাছিয়াই এতিয়াও পূব ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিবলৈ সক্ষম হোৱা নাই। এই অঞ্চল দখল কৰিবলৈ পূৰ্ণ শক্তিৰে বোমাবৰ্ষণ তীব্ৰতৰ কৰি তুলিছে। লুহানস্ক অঞ্চলৰ গৱৰ্ণৰ শ্বেৰহি হাইদাৰীয়ে কয় যে, ‘সকলো জ্বলি আছে।’ কেইবা সপ্তাহ ধৰি চলি অহা যুদ্ধৰ অন্তত ৰাছিয়াই শ্বাইৰ’ডনস্কৰ আজ’ট ৰাসায়নিক উদ্যোগটো দখল কৰাত ব্যৰ্থ হৈছে। ৫০০ৰো অধিক ইউক্ৰেইনৰ নাগৰিকে ইয়াত আশ্ৰয় লৈছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/ অৰৱিন্দ/মনোজ


 rajesh pande