বোকাজানত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক
কাৰ্বি আংলং, ২২ জুন (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাকৰাজান
বোকাজানত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহ কাৰীক আটক।


বোকাজানত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহ কাৰীক আটক।


বোকাজানত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহ কাৰীক আটক।


বোকাজানত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহ কাৰীক আটক।


কাৰ্বি আংলং, ২২ জুন (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত খাকৰাজান নাকা পইণ্টত যোৱাকালি নিশা আৰক্ষীৰ তালাচীত ড্ৰাগছসহ দুজন সৰবৰাহ কাৰীক আটক কৰে। বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা, বৰপথাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহযোগত চলোৱা তালাচীত এখন এআৰ ০৯ ৪৭৮৪ নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা চাৰিটা চাবোনৰ বাকচত মুঠ ৮৯.১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহ কাৰী দুটা হৈছে ক্ৰমে কৰিমগঞ্জ জিলাৰ বদৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গৌৰীগাঁৱৰ তাহিৰ হুছেইন আৰু কৰিমগঞ্জ জিলাৰ বদৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লামাজুৰ গাঁৱৰ কাহাৰ আহমেদ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে বৰপথাৰ আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande