ঃবলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰৰ বহু চলচ্চিত্ৰ একেলগে মুক্তি পাবলৈ সাজু হৈছে। তাৰ ভিতৰত অন্যতম হৈছে ৰক্ষাবন্ধন। এই ছবিখন চলিত বছৰৰ ১১ আগষ্টত ৰক্ষাবন্ধন উৎসৱত মুক্তি লাভ কৰিব। এই পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰটোৱে যথেষ্ঠ প্ৰশংসা লাভ কৰিছে। ট্ৰেইলাৰটো চাই অনুমান কৰা হৈছে যে ছবিখন যথেষ্ট চমৎকাৰ হ'ব। চলচ্চিত্ৰখন ৰক্ষাবন্ধন ভাতৃ-ভগ্নীসকলৰ পৱিত্ৰ সম্পৰ্কৰ ওপৰত আধাৰিত।
ছবিখনত পৰিয়াল, প্ৰেম, ৰোমাঞ্চ আৰু বিনোদন আছে। ট্ৰেইলাৰটোত ৪ গৰাকী ভগ্নীক অক্ষয় কুমাৰৰ সৈতে দেখা গৈছে আৰু ছবিখনৰ গোটেই কাহিনীটো তেওঁক লৈয়ে চিত্ৰিত। অক্ষয় কুমাৰক তেওঁলোকৰ বিবাহক লৈ বিচলিত আৰু বহু সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ভগ্নীকেইজনীৰ প্ৰেম আৰু তেওঁলোকৰ বিবাহৰ চিন্তাত অক্ষয়ে নিজৰ প্ৰেমকো ত্যাগ কৰিবলৈ সাজু।
ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ ওপৰত আধাৰিত ৰক্ষা বন্ধনে অক্ষয় আৰু ভূমিৰ উপৰিও সহজমিন কৌৰ, দীপিকা খান্না, সাদিয়া খাতিব আৰু স্মৃতি শ্ৰীকান্তে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। তেওঁলোক চাৰিওজনীকে ছবিখনত অক্ষয়ৰ ভগ্নীৰ চৰিত্ৰত দেখা যাব। 'ৰক্ষা বন্ধন' অক্ষয় কুমাৰৰ ভগ্নী অলকা হিৰাানন্দনীয়ে চলচ্চিত্ৰ নিৰ্মাতা আনন্দ এল ৰয়ৰ সৈতে প্ৰযোজনা কৰিছে। লেখক হৈছে হিমাংশু শৰ্মা আৰু পৰিচালক হৈছে আনন্দ এল ৰয়। ছবিখন ১১ আগষ্টত ছবিগৃহত মুক্তি পাব।
হিন্দুস্থান সমাচাৰ/ কুসুম/ বিস্মিতা/মনোজ